Lower Manisha Sharma Wins Miss Vogue Star:মিছ ভগষ্টাৰ ইণ্ডিয়া ২০২৪’ শীর্ষক সৌন্দর্য প্রতিযোগিতাত অংশ লৈ খিতাপ অর্জন মনীষা শৰ্মাৰ

miss

Lower Manisha Sharma Wins Miss Vogue Star:

ৰঙালী বিহুৰ মাজতে গুৱাহাটীৰ কন্যা মনীষা শৰ্মাই ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ৰাজস্থানৰ জয়পুৰত অনুষ্ঠিত ‘মিছ ভগষ্টাৰ ইণ্ডিয়া ২০২৪’ শীর্ষক সৌন্দর্য প্রতিযোগিতাত অংশ লৈ খিতাপ অৰ্জন কৰিছে অসম কন্যা মনীষা শর্মাই। শেহতীয়াকৈ অনুষ্ঠিত ‘মিছ ভগষ্টাৰ ইণ্ডিয়া’ প্রতিযোগিতাত অসমক প্রতিনিধিত্ব কৰিছিল মনীষাই।

ৰেম্পত লয়লাস ভংগীৰে বিচাৰক আৰু দর্শকক আপ্লুত কৰি শিৰত মুকুট পিন্ধিবলৈ সক্ষম হয়। সৰুৰে পৰা ফেশ্বনৰ প্ৰতি আগ্ৰহী উচ্চ শিক্ষিত মনীষা পেছাত এগৰাকী অধিবক্তা। আদালতত আইনী যুঁজৰ সমানে ফেশ্বনৰ জগতত সাধনা কৰি সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। আদালতৰ পৰা ৰেম্পলৈ যাত্ৰা কৰি বহুমুখী প্রতিভাৰ উৎকৃষ্ট উদাহৰণ দাঙি ধৰিছে।

ৰাজ্যখনৰ ফেশ্বনৰ প্ৰতি আগ্ৰহী যুৱতীসকলৰ বাবে এক অনুপ্ৰেৰণা। নিষ্ঠা আৰু অধ্যৱসায়ৰ দ্বাৰা যিকোনো ক্ষেত্রত আপুনি সফল হ’ব পাৰিব তাকেই প্রমাণো কৰিলে মনীষাই। ‘মিছ ভগষ্টাৰ ইণ্ডিয়া’ হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ মহিলাৰ সৌন্দৰ্য প্রতিযোগিতা।

ভগষ্টাৰ হৰাইজনছ প্রাইভেট লিমিটেডে দেশৰ মহিলাক নিজৰ প্ৰতিভা বিকাশ কৰাৰ এখন মঞ্চ দি আহিছে। ভগষ্টাৰ হৰাইজনছ প্রাইভেট লিমিটেডে মহিলাক ফেশ্বন জগতত জড়িত কৰি স্বাৱলম্বী কৰিবলৈ প্ৰয়াস কৰি গৈছে।

Exit mobile version