Batadova :অপৰাধীৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ

বটদ্ৰৱাত আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত ৰাইজৰ

batadova 1

Batadova :

অপৰাধীৰ বিৰুদ্ধে আৰক্ষীক কঠোৰ হ’বলৈ মুখ্যমন্ত্ৰীয়ে দিয়া আহবানক যেন গুৰুত্ব দিয়া নাই এখন থানাই ৷ অপৰাধমূলক কাৰ্যকলাপ ৰোধ কৰাত ব্যৰ্থতা প্ৰদৰ্শন কৰি অহা বটদ্ৰৱা থানাৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত ৰাইজৰ ৷ বটদ্ৰৱা আৰক্ষী হায় হায়, বটদ্ৰৱা আৰক্ষী মুৰ্দাবাদ আদি শ্ল’গানেৰে আকাশ- বতাহ মুখৰিত কৰি তোলে ৷

উল্লেখ্য যে, গুৰুজনাৰ জন্মস্থলী বটদ্ৰৱা সহ নগাঁও জিলাৰ পশ্চিমাঞ্চলত শেহতীয়াকৈ বিভিন্ন অপৰাধমূলক কাৰ্যৰে জড়িত থকা অপৰাধীৰ অবাধ বিচৰণস্থলী হৈ পৰিছে ৷

বটদ্ৰৱা থানাৰ অন্তৰ্গত বৰহিছা, বৰভেটি, হাইডুবি সহ আদি কেতবোৰ গাঁৱত নিশা হ’লেও চোৰৰ চাফাই অভিযান ৷একেদৰে বটদ্ৰৱা থানৰ পাশ্বৱৰ্তী বহু কেইখন গাঁৱত ডকাইতি,ড্ৰাগছ জুৱাৰ পয়োভৰ হৈ পৰিছে যদিও এইবাৰ অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে আৰক্ষীৰ পদক্ষেপ শূন্য ৷

সঘনাই হোৱা চুৰি কাৰ্যৰ বাবে বৃহস্পতিবাৰে ৰাজপথত সৰৱ হৈ পৰে গঞা ৰাইজ । আৰক্ষীক অপৰাধীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ আহ্বান জনালে ক্ষুব্ধ ৰাইজে ৷

Exit mobile version