Nestle Controversy:বিতৰ্কৰ আৱৰ্তত নেষ্টলেৰ শিশু খাদ্য ‘চেৰেলেক

ভাৰত সহ উন্নয়নশীল দেশসমূহত বিক্ৰী কৰা চেৰেলেকত পোৱা গৈছে অত্যধিক চেনী, এক ৰিপ'টত প্ৰকাশ এই তথ্য,তীব্ৰ প্ৰতিক্ৰিয়া

cerelek 1

Nestle Controversy:

আপুনি নিশ্চয় আপোনাৰ কণমানি শিশুটিক খোৱাই থাকে নেষ্টলেৰ শিশু খাদ্য ‘চেৰেলেক’ ৷ কিন্ত চেৰেলেক আপোনাৰ শিশুটিৰ বাবে কিমান উপযোগী ৷ কিয়নো শেহতীয়াকৈ আন্ত:ৰাষ্ট্ৰীয় এক অনুসন্ধানকাৰী সন্থা ‘পাব্লিক আই’ আৰু ব্ৰাজিলৰ ফেডাৰেল ইউনিভাৰ্চিটি অৱ পাৰাইবাৰ পুষ্টি বিভাগৰ অধ্যাপক ৰড্ৰিগো ভিয়ানাই এক প্ৰতিবেদনত উল্লেখ কৰিছে যে ভাৰত সহ এছিয়া, আফ্ৰিকা আৰু দক্ষিণ আমেৰিকাৰ দেশবোৰত চেৰেলেক’ত মাত্ৰাধিক পৰিমাণৰ মিশ্ৰিত চেনী পোৱা গৈছে ।

শিশুৰ সামগ্ৰীত চেনীৰ পৰিমাণ বেছি হোৱাটো বিপদজনক আৰু অপ্ৰয়োজনীয়। চেৰেলেকৰ জৰিয়তে শিশুসকলক চেনী খোৱাৰ অভ্যাস বেছিহে বৃদ্ধি পাব । কেঁচুৱা আৰু কণমানি শিশুক দিয়া খাদ্য সামগ্ৰীবোৰক চেনী দিব নালাগে, কিয়নো ই অপ্ৰয়োজনীয় আৰু অত্যাধিক নিচাযুক্ত। ইয়াৰ বাবে শিশুৱে মিঠাই খাবলৈ অভ্যস্ত হৈ পৰে। যাৰফলত পৈনত বয়সত বহু ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে ৷

উল্লেখ্য যেনেষ্টলেৰ দ্বাৰা উৎপাদিত বহু খাদ্য ইতিমধ্যে বিতৰ্কৰ মাজত সোমাই পৰাৰ পিছত শেহতীয়াকৈ নেষ্টলেৰ শিশু খাদ্য’চেৰেলেক’ক লৈ পুনৰ সৃষ্টি হয় আন এক বিতৰ্ক ৷
ভাৰতত নেষ্টলেৰ দুটা সৰ্বাধিক বিক্ৰী হোৱা শিশু খাদ্য ব্ৰেণ্ডৰ অন্যতম বহুল প্ৰচলিত ‘চেৰেলেক’ত মাত্ৰাধিক পৰিমাণৰ মিশ্ৰিত চেনী পোৱা গৈছে । চুইছ কোম্পানীবোৰক সততে নিৰীক্ষণ কৰা ‘পাব্লিক আই’ নামৰ ৱেবছাইটৰ এক অনুসন্ধানত দেখা গৈছিল যে যেতিয়া নেষ্টলে ব্ৰিটেইন আৰু জাৰ্মানীৰ দৰে উন্নত দেশত এই শিশু-খাদ্য সামগ্ৰী বিক্ৰী কৰে, সেইবোৰত চেনী নাথাকে। ইয়াৰ বিপৰীতে ভাৰত,মধ্য প্ৰাচ্যৰ দেশ সহ উন্নয়নশীল দেশসমূহত বিক্ৰী কৰা চেৰেলেকত পোৱা গৈছে অত্যধিক চেনী। যি কণমানি শিশু সকলৰ বাবে হানিকাৰক ৷ উল্লেখ্য যে, নেষ্টলে হৈছে চুইজাৰলেণ্ডৰ এক প্ৰসিদ্ধ কোম্পানী, যাৰ সামগ্ৰী বিশ্বব্যাপী বিক্ৰী কৰা হয়।

পাব্লিক আইয়ে তেওঁলোকৰ প্ৰতিবেদন উল্লেখ কৰে যে নেষ্টলে বহুতো দেশত শিশুৰ গাখীৰ আৰু চেৰেলাক সামগ্ৰীত চেনী আৰু মৌ ব্যৱহাৰ কৰে। এনে কৰাটো মেদবহুলতা আৰু দীৰ্ঘম্যাদী ৰোগ প্ৰতিৰোধৰ লক্ষ্যৰে আন্তৰ্জাতিক নিৰ্দেশনাৰ উলংঘন। নেষ্টলেৰ দ্বাৰা নিয়ম উলংঘনৰ ঘটনা এছিয়া, আফ্ৰিকা আৰু দক্ষিণ আমেৰিকাৰ দেশবোৰত দেখা গৈছে। অৱশ্যে, কোম্পানীটোৱে কৈছে যে ই ভাৰতত সকলো নিয়ম অনুসৰণ কৰি আছে । স্মতৰ্ৱ্য যে,ইয়াৰ পূৰ্বেও নেষ্টলে বহু জনপ্ৰিয় বেণ্ড ‘মেগী’ক নিষিদ্ধ কৰিছিল ভাৰত চৰকাৰে ৷ অৱশ্যে পিছত মেগী’ক পুনৰ বিক্ৰীৰ অনুমতি দিয়া হয় ৷ উল্লেখ্য যে,নেষ্টলে ২০২২ বৰ্ষটোত ভাৰতত ২০,০০০ কোটি টকাৰ অধিক মূল্যৰ চেৰেলেক সামগ্ৰী বিক্ৰী কৰিছে।

# ভাৰতত বিক্ৰী হোৱা ১৫ টা চেৰেলেকৰ শিশু সামগ্ৰীত পোৱা গৈছে চেনী :

পাব্লিক আই’ নামৰ ৱেবছাইটৰ অনুসন্ধানবোৰে প্ৰকাশ কৰিছিল যে ভাৰতত বিক্ৰী হোৱা সকলো ১৫ টা চেৰেলেকৰ শিশু সামগ্ৰীত অনুমোদিত আহাৰৰ পৰিমাণত গড়ে ৩ গ্ৰাম চেনী থাকে। আনহাতে নেষ্টলে কৈছিল যে শিশুসকলক এটা সময়ত কিমান পৰিমাণৰ চেৰেলেক চেনি দিব লাগিব সেয়া তেওঁলোকে জানে ৷
মনকৰিবলগীয়া যে, আফ্ৰিকাৰ ইথিওপিয়া আৰু এছিয়াৰ থাইলেণ্ডৰ দৰে দেশত ৬ গ্ৰামলৈকে চেনী পোৱা গৈছে। তাৎপৰ্যপূৰ্ণ যেতিয়া এই সামগ্ৰীবোৰ জাৰ্মানী আৰু ব্ৰিটেইনৰ দৰে উন্নত দেশত বিক্ৰী কৰা হয় সেইবোৰত চেনী নাথাকে।

# নেষ্টলে পেকেজিঙৰ পৰা চেনীৰ পৰিমাণলুকুৱাই ৰাখিছে:

নেষ্টলেৰ এই বৈষম্যমূলক চতুৰতাই প্ৰতিফলিত কৰে যে কোম্পানীটোৱে তেওঁলোকৰ সামগ্ৰীৰ প্ৰায়বোৰতে পেকেজিঙৰ বিষয়ে কিমান চেনী থাকে সেই বিষয়ে তথ্য নিদিয়ে। যদিওবা নেষ্টলে ইয়াৰ সামগ্ৰীবোৰত থকা ভিটামিন, খনিজ আৰু অন্যান্য পুষ্টিৰ বিষয়ে তথ্য প্ৰদান কৰে, চেনী যোগ দিয়াৰ ক্ষেত্ৰত ই স্বচ্ছ নহয় ৷ ইতিমধ্যে পাব্লিক আই প্ৰতিবেদনত উল্লেখ আছে।

#শিশুৱে চেনী খোৱাৰ অভ্যাস স্বাস্থ্যৰ বাবে ক্ষতিকাৰক: বিশেষজ্ঞ

:বিশেষজ্ঞসকলে কয় যে শিশুৰ সামগ্ৰীত চেনীৰ পৰিমাণ বেছি হোৱাটো বিপদজনক আৰু অপ্ৰয়োজনীয়। চেৰেলেকৰ জৰিয়তে শিশুসকলক চেনী খোৱাৰ অভ্যাস বেছিহে বৃদ্ধি পাব । ব্ৰাজিলৰ ফেডাৰেল ইউনিভাৰ্চিটি অৱ পাৰাইবাৰ পুষ্টি বিভাগৰ অধ্যাপক ৰড্ৰিগো ভিয়ানাই কয়, “এয়া চিন্তাৰ বিষয়। কেঁচুৱা আৰু কণমানি শিশুক দিয়া খাদ্য সামগ্ৰীবোৰক চেনী দিব নালাগে, কিয়নো ই অপ্ৰয়োজনীয় আৰু অত্যাধিক নিচাযুক্ত। ইয়াৰ বাবে, শিশুৱে মিঠাই খাবলৈ অভ্যস্ত হৈ পৰে। যাৰফলত পৈনত বয়সত বহু ৰোগত আক্ৰান্ত হোৱাৰ আশংকা থাকে ৷

Exit mobile version