ARVIND KEJRIWAL:মধুমেহত আক্রান্ত কেজৰিৱালে খাইছে আলু- পুৰী,আম- মিঠাই:ইডি

arvind

ARVIND KEJRIWAL:

দিল্লীৰ বিতর্কিত আবকাৰী গোচৰত তিহাৰ জে’লত কাৰাবন্দী হৈ থকা মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে কাৰাগাৰত খাদ্য হিচাপে গ্রহণ কৰিছে পুৰী – আলু,আম, মিঠাইৰ দৰে আহাৰ। কিন্তু কেজৰিৱাল হৈছে এজন মধুমেহ ৰোগী। মধুমেহ ৰোগীক চিকিৎসকে আমৰ দৰে ফল আৰু বিভিন্ন মিঠাই খোৱাৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়ে।

তেনে পৰিস্থিতিত কাৰাবন্দী কেজৰিৱালে কিয় আম, মিঠাইৰ দৰে মধুমেহৰ বাবে ক্ষতিকাৰক খাদ্য গ্রহণ কৰিছে? আজি আদালতত প্রবর্তক সঞ্চালকালয়ে কেজৰিৱালৰ কাৰাগাৰৰ খাদ্য তালিকা সদৰী কৰি কয় যে দিল্লীৰ মুখ্যমন্ত্ৰীৰ খাদ্যৰ তালিকাত এনেবোৰ খাদ্য আছে, যি খাদ্য খোৱাৰ ফলত তেওঁৰ শৰীৰত ৰক্ত শর্কৰা বৃদ্ধি পোৱাৰ লগতে স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে।

প্রবর্তক সঞ্চালকালয়ে আদালতত এই তথ্য দাখিল কৰি কয় যে আপৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্রী কেজৰিৱালে কাৰাগাৰত এইদৰে আম আৰু মিঠাই খোৱাৰ মূল কাৰণ হৈছে ৰক্ত শৰ্কৰা বৃদ্ধি কৰি কাৰাগাৰৰ পৰা মুক্ত হোৱাৰ পথ সুগম কৰা। ৰক্ত শৰ্কৰা বৃদ্ধিৰ কাৰণ প্ৰদৰ্শনৰে কেজৰিৱালে জামিন লাভৰ পথ প্রশস্ত কৰিব বিচাৰিছে বুলিও কেন্দ্রীয় বিত্তীয় তদন্তকাৰী সংস্থাটোৱে আদালতত দাবী কৰে।

আনহাতে ইডিৰ এই অভিযোগক নস্যাৎ কেজৰিৱালৰ অধিবক্তাৰ । এইয়া ইডিৰ অমুলক অভিযোগ বুলি মন্তব্য কৰে অধিবক্তাই ৷

Exit mobile version