Assam Lok Sabha Elections 2024:: আজি দেশজুৰি অনুষ্ঠিত হৈছে ১৮ সংখ্যক প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ

সমগ্ৰ দেশতে ১০২টা সমষ্টিত অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ, বহু কেইটা সমষ্টিৰ কেতবোৰ ভোটকেন্দ্ৰত ভোটিং মেচিন বিকল হোৱাত পলমকৈ আৰম্ভ হয় ভোটদা পৰ্ব

evm

Assam Lok Sabha Elections 2024:

আজি পুৱাৰে পৰা সমগ্ৰ দেশজুৰি অনুষ্ঠিত হৈছে ১৮সংখ্যক লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদান পৰ্ব । দেশৰ ১০২টা সমষ্টি আছে ২১ খন ৰাজ্য,কেন্দ্ৰীয় শাসিত অঞ্চলত আৰম্ভ হৈছে ভোটদান

উল্লেখ্য যে,আজি অনুষ্ঠিত হোৱা প্ৰথম পৰ্যায়ত নিৰ্বাচনত ১৬.৬৩ কোটিৰো অধিক ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব ১৬২৫গৰাকী প্ৰাৰ্থীৰ । আনহাতে, সমগ্ৰ দেশৰ লগতে অসমতো অনুষ্ঠিত হৈছে পাঁচটা লোকসভা সমষ্টিৰ ভোটগ্ৰহণ ৷ সমষ্টি কেইটা হ’ল কাজিৰঙা,যোৰহাট,শোণিতপুৰ,লখিমপুৰ আৰু ডিব্ৰুগড় ৷ এই পাঁচ সমষ্টিৰ ৮৬ , ৪৭ , ৮৬৯গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ৩৫গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয়

আনহাতে আজি পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটদান পৰ্বত কেতবোৰ স্থানত ইভিএমৰ কাৰিকৰী বিজুটিৰ বাবে সৃষ্টি হয় অথন্তৰ। ৰাজ্যৰ বহু কেইটা ভোটকেন্দ্ৰত ভোটিং মেচিন বিকল হৈ পৰাত বহু সময় ধৰি ভোটাৰ সকলে ভোটাধিকাৰ সাব্যস্তৰ বাবে অপেক্ষা কৰিবলগীয়া হয় ৷

বিশেষকৈ কাজিৰঙাৰ সমষ্টিৰ হোজাইত, মিছা, নুমলীগড়, মৰিয়নী,লখি সমষ্টিৰ শদিয়া আৰু ডিব্ৰুগড় সমষ্টি বহু কেইটা ভোট কেন্দ্ৰ ভোটদান আৰম্ভণি কৰোতেই ইভিএম বিকল হয় ৷ কাজিৰঙাৰ নুমলিগড় ধলাকছাৰী প্ৰাথমিক বিদ্যালয়ৰ ১৩১নং ভোটকেন্দ্ৰত ইভিএম বিকল হঠাতে বিকল হৈ পৰাত প্ৰায় এঘণ্টা সময়ৰ বাবে ভোট গ্ৰহণ স্থগিত থাকে ৷ অৱশ্যে পিছত ইভিএম মেৰামতি কৰি সক্ৰিয় কৰাত পুনৰ আৰম্ভ হয় ভোটদান পৰ্ব ৷

Exit mobile version