Manipur Poling Station Firing:মণিপুৰত ভোট গ্ৰহণৰ মাজতে ভোট কেন্দ্ৰত ধাৰাসাৰ গুলীবর্ষণ

প্রাণ বচাবলৈ ভোট কেন্দ্ৰটোৰ পৰা পলায়ন ভোটাৰৰ

manipur

Manipur Poling Station Firing:

আজি আৰম্ভ হোৱা প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ চলি থকাৰ মাজতে চুবুৰীয়া মণিপুৰত ধাৰাসাৰ গুলীবর্ষণ ৷

ৰাজ্য খনৰ পশ্চিম প্ৰান্তৰ থামানপকপিৰ ভোট কেন্দ্ৰত ভোটদান পৰ্ব চলি থকাৰ মাজতে অচিনাক্ত দুৰ্বৃত্তই ভোট কেন্দ্ৰলৈ লক্ষ্য কৰি নিৰ্বিচাৰ গুলীবৰ্ষণ কৰে ৷ সেই সময়ত ভোট কেন্দ্ৰত ভোটদানৰ বাবে শাৰিপাতি থকা ভোটাৰ আৰু কেন্দ্ৰটোত নিয়োজিত ভোটিং বিষয়া সকলে প্ৰাণৰ মমতাত পলায়ন কৰি নিৰাপদ দূৰত আশ্ৰয় লয় ৷

এই ধাৰাষাৰ গুলীবৰ্ষণত এই পর্যন্ত পোৱা নাই হতাহতৰ কোনো খবৰ ৷ আনহাতে এই ঘটনাৰ পাছতে আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ জোৱান উপস্থিত হৈ কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলাৰ লগতে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি ৰাখিছে ৷

Exit mobile version