BJP Candidate in Debria:আইআইটিৰ বিটেক, ছুইজাৰলেণ্ডৰ এমবিএ ডিগ্রীধাৰী বিজেপিৰ প্রার্থীক লৈ চর্চা দেবৰিয়াত

BJP CANDIDATE

BJP Candidate in Debria:

উত্তৰ প্ৰদেশৰ দেবৰিয়া সমষ্টিত বিজেপিয়ে প্রার্থী হিচাপে প্রক্ষেপ কৰিলে শশাংক মণি ত্রিপাঠীক। কংগ্ৰেছৰ অখিলেশ প্রতাপ সিঙৰ বিৰুদ্ধে এই সমষ্টিত প্রতিদ্বন্দ্বিতা কৰা বিজেপি প্রার্থী শশাংক হৈছে আইআইটিৰ পৰা বিটেক ডিগ্রীধাৰী।

তদুপৰি তেওঁ ছুইজাৰলেণ্ডৰ পৰা এমবিএ ডিগ্রী গ্রহণ কৰিছিল। উচ্চ শিক্ষিত বিজেপি প্রার্থীজনক লৈ এই সমষ্টিত সম্প্রতি বিশেষ চর্চা চলিছে। উল্লেখ্য যে শশাংকৰ পিতৃ প্রকাশ মণি ত্রিপাঠী সেনাবাহিনীৰ বিষয়া আছিল আৰু তেওঁ দুবাৰকৈ সাংসদ নির্বাচিত হৈছিল।

শশাংকই ইতিমধ্যে নিজৰ সমষ্টিত প্ৰচাৰ চলাই সমষ্টিবাসীক তেওঁ সাংসদ নির্বাচিত হ’লে সৰ্বপ্ৰথমে কৰ্মসংস্থাপনৰ সমস্যাৰ সমাধান কৰিব বুলি প্রতিশ্রুতি দিছিল। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত শশাংকই সদৰী কৰা অনুসৰি তেওঁ বৰ্তমানলৈকে দেবৰিয়া আৰু কুশী নগৰৰ প্ৰায় ৪০০ খন গাঁও পৰিদৰ্শন কৰিলে আৰু ৰাইজৰ সমস্যাৰ বুজ ল’লে।

সাংসদ নির্বাচিত হ’লে তেওঁ প্রথমে নিবনুৱাৰ সংস্থাপনৰ নতুন কৌশল উদ্ভাৱনত গুৰুত্ব দিব বুলি সদৰী কৰি শশাংকই কয় যে ইতিমধ্যে তেওঁ নিজৰ সমষ্টিত কল চেণ্টাৰ প্ৰতিষ্ঠা কৰি ২২০ জন লোকক কর্মসংস্থাপন দিলে। উল্লেখ্য যে শশাংক এজন লেখক হিচাপেও পৰিচিত। ‘মিডল অব ডাইমণ্ড ইণ্ডিয়া’, ‘অমৃত কাল কা ভাৰত: উদ্যমিতা আৰু অংশীদাৰী’, ‘ৰাষ্ট্ৰ নিৰ্মাণ’ৰ দৰে কে’বাখনো গ্রন্থ তেওঁ ৰচনা কৰিছে।

Exit mobile version