Bird flu Scare in Ranchi:ৰাঁচীত বার্ড ফ্লুৰ আতংক !

২১৯৬ পক্ষীক কৰিলে নিধন, সংক্ৰমণ ধৰা পৰা স্থানত সম্প্রতি হাঁহ, কুকুৰা আৰু কণীৰ বিক্ৰীত নিষেধাজ্ঞা

bird flow

Bird flu Scare in Ranchi:

ঝাৰখণ্ডৰ ৰাজধানী চহৰ ৰাঁচীত বার্ড ফ্লু অর্থাৎ পক্ষীজ্বৰ সংক্ৰমণৰ তথ্য নিশ্চিত হ’ল। বার্ড ফ্লুৰ উপস্থিতি ধৰা পৰাৰ পাছত ৰাচীৰ হোটবাৰ অঞ্চলৰ ৰিজ’নেল প’লট্রি ফার্মত থকা ১৭৪৫ টা কুকুৰাৰ লগতে ২১৯৬ পক্ষীক নিধন কৰা হ’ল।

তদুপৰি বাৰ্ড ফ্লুৰ সংক্ৰমণ প্ৰতিৰোধৰ লক্ষ্যৰে উক্ত ফার্মত থকা ১৬৯৭ টা কণীও নষ্ট কৰা হ’ল। চৰকাৰী গৱেষণাগাৰত পৰীক্ষণত কুকুৰাৰ শৰীৰত এভিয়েন ইনফ্লুৰেঞ্জা এইচ৫এনৰ উপস্থিতি ধৰা পৰাৰ পাছতে বার্ড ফ্লু প্ৰতিৰোধৰ বাবে পক্ষী নিধনৰ পদক্ষেপ গ্রহণ কৰিলে জিলা প্রশাসনে।

ইতিমধ্যে ৰাঁচী মহানগৰ প্রশাসনে ৰাজধানী চহৰ খনত বার্ড ফ্লুৰ সন্দৰ্ভত সতর্কতা জাৰি কৰিলে। সংক্ৰমণ ধৰা পৰা স্থানত সম্প্রতি হাঁহ, কুকুৰা আৰু কণীৰ বিক্ৰী বন্ধ ৰখা হৈছে ৷

Exit mobile version