Richest Candidate Has Assets Worth Rs 5,785 Crore:লোকসভাৰ নিৰ্বাচনত সবাতোকৈ ধনাঢ্য প্ৰাৰ্থীৰ আছে ৫৭৮৫ কোটি টকাৰ সম্পত্তি

tdp candidate

Richest Candidate Has Assets Worth Rs 5,785 Crore:

অন্ধ্র প্রদেশৰ গুণ্টৰ লোকসভা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰা তেলুগু দেশম পার্টি (টিডিপি)ৰ প্রার্থী পী চন্দ্ৰশেখৰ হৈছে এইবাৰৰ লোকসভা নির্বাচনৰ সবাতোকৈ ধনাঢ্য প্রার্থী। মনোনয়নপত্রৰ স’তে দাখিল কৰা শপতনামাত চন্দ্রশেখৰে ঘোষণা কৰা অনুসৰি তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ৫৭৮৫ কোটি টকা।

আনহাতে মধ্য প্রদেশৰ প্রাক্তন মুখ্যমন্ত্রী কমল নাথৰ পুত্ৰ নকুল নাথে প্রথম পর্যায়ৰ নিৰ্বাচনত মুঠ ৭১৭ কোটি টকাৰ সম্পত্তিৰে সবাতোকৈ ধনাঢ্য প্রার্থী হিচাপে শীর্ষ স্থান দখল কৰিছিল। চন্দ্রশেখৰে শপতনামাত উল্লেখ কৰা অনুসৰি তেওঁৰ নিজৰ নামত ২৪৪৮.৭২ কোটি টকাৰ আৰু পত্নীৰ নামত ২৩৪৩.৭৮ কোটি টকাৰ আৰু সন্তানৰ নামত প্রায় এহেজাৰ কোটি টকাৰ সা-সম্পত্তি আছে।

অৱশ্যে চন্দ্রশেখৰ পৰিয়ালৰ নামত বেংকত ১১৩৮ কোটি টকাৰ ঋণো আছে। টিডিপিৰ মুৰব্বী এন চন্দ্রবাবু নাইডুৰ পুত্ৰ নাৰা লোকেশে অন্ধ্র প্রদেশৰ মংগলাগিৰি সমষ্টিৰ পৰা লোকসভাত প্রতিদ্বন্দ্বিতা কৰিছে আৰু তেওঁৰ ঘোষিত সম্পত্তিৰ পৰিমাণ হৈছে ৫৪২.৭ কোটি টকা। লোকেশৰ নামত ৩১৪.৬৮ কোটি টকাৰ চলমান আৰু ৯২.৩১ কোটি টকাৰ অস্থাৱৰ সম্পত্তি আছে। আনহাতে তেওঁৰ পত্নীৰ নামত ৪৫.০৬ কোটি টকাৰ চলমান আৰু ৩৫.৫৯ কোটি টকাৰ অচল সম্পত্তি আছে।

Exit mobile version