Rahul Gandhi And Priyanka Gandhi Are Likely To Contest in Amethi-RaeBareli:আমেঠি-ৰাইবৰেলিত ৰাহুল-প্রিয়ংকাৰ প্রতিদ্বন্দ্বিতাৰ সম্ভাৱনা

rahul

Rahul Gandhi And Priyanka Gandhi Are Likely To Contest in Amethi-RaeBareli:

লোকসভাৰ চলিত নির্বাচনৰ ব্যাপক প্রচাৰ শাসক-বিৰোধীয়ে অব্যাহত ৰাখিছে। উত্তৰ প্ৰদেশৰ দুটা বহুচর্চিত সমষ্টি আমেঠি আৰু ৰাইবৰেলিত কংগ্ৰেছে এতিয়াও প্রার্থীৰ নাম ঘোষণা কৰা নাই ।

ৰাজ্যখনৰ এই দুটা সমষ্টি কংগ্ৰেছৰ দুৰ্গ বুলি পৰিচিত হৈ আহিছে। অৱশ্যে ২০১৯ৰ লোকসভাৰ নির্বাচনত আমেঠিত বিজেপিৰ প্রার্থী স্মৃতি ইৰানীৰ হাতত কংগ্রেছ প্রার্থী ৰাহুল গান্ধী পৰাস্ত হৈছিল। এইবাৰ এই দুই গুৰুত্বত্বপূর্ণ সমষ্টিত কংগ্রেছে কাক প্রার্থী হিচাপে প্রক্ষেপ কৰিব তাক লৈ ব্যাপক উৎকণ্ঠা অব্যাহত আছে ।

কংগ্ৰেছৰ এক সূত্রই বাষ্ট্রীয় সংবাদ মাধ্যমৰ আগত দাবী কৰা অনুসৰি আমেঠিত ৰাহুল গান্ধীয়ে আৰু ৰাইবৰেলিত প্রিয়ংকা গান্ধী ভদ্রাই প্রতিদ্বন্দ্বিতা কৰাটো প্রায় নিশ্চিত হৈছে। এই বিষয়ত কংগ্রেছে শীয়ে চূড়ান্ত সিদ্ধান্তত উপনীত হ’ব বুলি সূত্রটোৱে দাবী কৰিছে ।

Exit mobile version