Sivsagar L P. School:শিক্ষাৰ্থীৰ অভাৱৰ বাবে শিৱসাগৰত বন্ধ হ’ব ১০৯ খন চৰকাৰী বিদ্যালয়

বেছেলীপাৰা,গৰুখুটি,গোসাঁইচেতীয়া প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰিবলৈ নাহিল এজনো শিক্ষাৰ্থী, শিৱসাগৰ চহৰৰ মেলাচক প্ৰাথমিক বিদ্যালয়ত সাত গৰাকী শিক্ষাৰ্থীৰ বিপৰীতে শিক্ষক- শিক্ষয়িত্ৰীৰ সংখ্যা ৩

school

Sivsagar L P. School:

ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে অসমীয়া মাধ্যমৰ বিদ্যালয় সমূহৰ ব্যাপক উন্নতি সাধন হোৱাৰ ঢাকঢোল বজাইছে যদিও কাৰ্যত বিপৰীতে চিত্ৰ এটাহে পৰিলক্ষিত হৈছে ৷
ৰাজ্যৰ অলিয়ে গলিয়ে কাঠ ফুলাৰ দৰে গঢ়ি উঠা একাংশ ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠানৰ আগ্ৰাসন আৰু অসমীয়া মাধ্যমৰ এক সুকীয়া বৈশিষ্ট্যৰ সংমিশ্ৰণৰে গঢ় লৈ উঠা জাতীয় বিদ্যালয়ৰ এক অঘোষিত প্ৰতিযোগিতাত চৰকাৰী মাধ্যমৰ শিক্ষানুষ্ঠানলৈ চৰম ভাবুকি কঢ়িয়াই আনিছে ৷

শেহতীয়াকৈ বহু চৰকাৰী অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ অভাৱৰ বাবে বন্ধ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা তাকৰীয়া বাবেই শিৱসাগৰ জিলাত বন্ধ হ’ব ১০৯ খন প্ৰাথমিক বিদ্যালয় ৷ এই বিদ্যা সমূহক চামিল কৰা হ’ব দাঁতি কাষৰীয়া ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়ৰ স’তে ৷

উল্লেখ যোগ্য যে,চলিত শিক্ষা বৰ্ষত শিৱসাগৰৰ তিনিখন প্ৰাথমিক বিদ্যালয় ক্ৰমে ১১৮নং বেছেলীপাৰা প্ৰা:বিদ্যালয় গৰুখুটি এল পি স্কুল আৰু ৫৭১ নং গোঁসাই চেতীয়া এল পি স্কুলত এজনো ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি নহ’ল ৷ যাৰবাবে এই তিনিও শিক্ষানুষ্ঠানক কাষৰীয়া আন চৰকাৰী শিক্ষানুষ্ঠানৰ স’তে চামিল কৰাৰ বাবে সাজু হৈছে শিৱসাগৰ প্ৰাথমিক শিক্ষা বিভাগ ৷

মনকৰিবলগীয়া যে, আজি শিৱসাগৰ চহৰৰ ২০ নং ৱাৰ্ডৰ মেলাচকৰ প্ৰাথমিক বিদ্যালয়ত এজনো ছাত্ৰ-ছাত্ৰী নহাত দিনৰ দিনটো শিক্ষক- শিক্ষয়িত্ৰীয়ে আড্ডা মাৰিয়ে পাৰ কৰে ৷ উল্লেখ্য যে,এই শিক্ষানুষ্ঠান খনত মুঠ সাত গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে শিক্ষক- শিক্ষয়িত্ৰীৰ সংখ্যা ৪ ৷ অথচ ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰি ৩০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে শিক্ষক- শিক্ষয়িত্ৰী হ’ব লাগে এগৰাকী ৷

এনেদৰেই এতিয়া পয়ালগা অৱস্থা হৈছে ৰাজ্যৰ একাংশ চৰকাৰী শিক্ষানুষ্ঠান ৷

Exit mobile version