Bomb Threat in Delhi:
লোকসভা নিৰ্বাচনৰ ব্যাপক কুজকাৱাজৰ মাজতে দেশৰ ৰাজধানী চহৰ দিল্লীত আজি পুৱাৰে পৰা বোমাতংক সন্ত্ৰস্ত হৈ পৰিছে দিল্লীবাসী ৷ পুৱা ৬-৩০ বজাৰ পৰা দিল্লী-এনচিআৰত ৯৭ খনকৈ স্কুলত বোমাতংকত । দ্বাৰকা আৰু বসন্ত বিহাৰস্থ দিল্লী পাব্লিক স্কুলত বোমা থকাৰ এটা খবৰ প্ৰচাৰ হোৱাত শিক্ষাৰ্থী আৰু অভিভাৱকৰ মাজত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয় ৷ একেদৰে ৰাজধানী চহৰ খনৰ
চাণক্যপুৰৰ সংস্কৃতি স্কুলতো বোমা সংস্থাপিত আন এক খবৰে ৰাইজক ত্ৰস্তমান কৰি তোলে ৷
আনহাতে,৯৭ খনৰো অধিক শিক্ষানুষ্ঠানলৈ বোমাৰে উৰুৱাই দিয়া ভাবুকি ভৰা কেতবোৰ ই- মেইল আহে ৷ ইতিমধ্যে শিক্ষানুষ্ঠানৰ কৰ্তৃপক্ষই এই ভাবুকি ভৰা ই-মেইল লাভ কৰাৰ পাছতে দিল্লী আৰক্ষীক অৱগত কৰে ৷ শেহতীয়াকৈ প্ৰতিখন বিদ্যালয়ত দিল্লী আৰক্ষীয়ে ঘেৰাও কৰি বোমা বিশেষজ্ঞৰ হতুৱাই তালাচী চলাইছে ৷দিল্লী আৰক্ষীয়ে জনায় যে বৰ্তমান বোমাৰ সন্ধানত অভিযান অব্যাহত আছে।
ইপিনে নতুন দিল্লীৰ দাঁতি কাষৰীয়া উত্তৰ প্ৰদেশৰ সীমামুৰীয়া নয়ডাৰ এখন আৰু দিল্লী-এনচিআৰৰ ১৪খন শিক্ষানুষ্ঠান ক্ৰমে পূব দিল্লীৰ ময়ূৰ বিহাৰস্থিত মাদাৰ মেৰী স্কুল, দ্বাৰকা আৰু বসন্ত বিহাৰ ডিপিএছ স্কুল,ডিএভি স্কুল আৰু ছাকেটস্থিত এমিটী স্কুলতো বোমা থকাৰ ই- মেইল লাভ কৰাৰ পাছতে দিল্লী আৰক্ষীৰ বৃহৎ দল উপস্থিত হৈ শিক্ষানুষ্ঠান কেইখন খালি কৰি বোমা বিশেষজ্ঞৰ দলে তন্নতন্নকৈ পৰীক্ষা কৰে যদিও এতিয়ালৈ কোনো বোমাৰ সন্ধান পোৱা নাই।
দিল্লী আৰক্ষীয়ে সংবাদমাধ্যমক কয় যে ,মঙলবাৰৰ পৰা আজি পুৱাভাগলৈ বহু শিক্ষানুষ্ঠান ই-মেইল আহিছে। ইতিমধ্যে পৰীক্ষা কৰি নিশ্চিত কৰা হৈছে যে,সেয়া উৰাবাতৰি বুলি প্ৰমাণিত হৈছিল। তৎস্বত্বেও দিল্লী আৰক্ষীয়ে দুষ্ট চক্ৰৰ সন্ধানত অভিযান আৰম্ভ কৰিছে ৷
আনহাতে ,বোমাৰে উৰুৱাই দিয়া ভাবুকি ভৰা ই- মেইল লাভ কৰা প্ৰায় সংখ্যক শিক্ষানুষ্ঠানৰ কৰ্তৃপক্ষই বিদ্যালয়ত আজি অনুষ্ঠিত হ’ব লগা পৰীক্ষা বাতিল কৰাৰ লগতে বিদ্যালয়ৰ পাঠদানো বাতিল কৰে ৷ সম্প্ৰতি দিল্লীৰ প্ৰতিখন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক বোমাতংক ত্ৰস্তমান হৈ আছে ৷






























