Piyanka Gandhi Visit Dhubri: ধুবুৰীত ৰকিবলৰ হৈ প্ৰচাৰ চলালে প্ৰিয়ংকা গান্ধীয়ে

মন্দিৰ, মছজিদ, গুৰুদ্বাৰ সকলো থকা ধুবুৰী ক্ষুদ্ৰ ভাৰত: প্ৰিয়ংকা গান্ধী

piyanka gandhi

Piyanka Gandhi Visit Dhubri:

লোকসভা নিৰ্বাচনৰ দুটাকৈ পৰ্যায়ৰ ভোট গ্ৰহণৰ পিছত সাত মে’ত অনুষ্ঠিত হ’ব লগা অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে ইতিমধ্যে বিজেপি, কংগ্ৰেছকে ধৰি প্ৰতিটো সৰু- বৰ দলেই নিজৰ নিজৰ প্ৰাৰ্থীৰ হৈ চলাইছে নিৰ্বাচনী প্ৰচাৰ ৷ অসমতো সাত মে’ত গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী সমষ্টিত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ  ভোটদান পৰ্ব।

বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে নিজ দলৰ প্ৰাৰ্থীৰ হৈ ৰোড শ্ব’ত অংশ গ্ৰহণ কৰি যোৱাৰ পাছত আজি ধুবুৰীত উপস্থিত হয় কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী ৷ দিল্লীৰ পৰা চাৰ্টাড বিমানেৰে ৰূপচী বিমানবন্দৰত উপস্থিত হৈ তাৰ পৰা পোনে কংগ্ৰেছ নেত্ৰী গৰাকীয়ে দুপৰীয়া বালাজানত ৰকিবুল হুছেইনৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰিয়ংকা গান্ধীয়ে

বালাজানত অনুষ্ঠিত কংগ্ৰেছৰ বিশাল জনসভাত অংশ লৈ কংগ্ৰেছৰ শীৰ্ষ নেত্ৰী গৰাকীয়ে বিজেপিৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে ৷‘জয় আই অসম’ ধ্বনিৰে প্ৰিয়ংকা গান্ধীয়ে তেওঁৰ উদাত্ত ভাষণত কয়,‘ধুবুৰী এনে এখন ঠাই য’ত মন্দিৰ, মছজিদ, গুৰুদ্বাৰ সকলো আছে। যাৰবাবে ধুবুৰী ক্ষুদ্ৰ ভাৰত ৰূপে পৰিচিত ।

ৰাহুল গান্ধীয়ে এইখন ধুবুৰীৰ পৰাই আৰম্ভ কৰিছিল ন্যায় যাত্ৰা ৷ এই যাত্ৰাই সৰ্বস্তৰৰ ৰাইজৰ সহাৰী পাবলৈ সক্ষম হৈছিল । দেশত শেহতীয়াকৈ অব্যাহত থকা ৰাজনীতি সৰ্বসাধাৰণৰ বাবে নহয় ৷ ধনবল,বাহুবল থকা সকলৰ বাবেহে এতিয়াৰ ৰাজনীতি ৷ যাৰ ফলস্বৰূপে দেশৰ শাসনত পুনৰ অধিস্থিত হ’বৰ বাবে ধনবল,বাহুবল সকলো ব্যৱহাৰ কৰিছে ৷ দেশৰ অগাধ ধন, গণতান্ত্ৰিক ব্যৱস্থা নিজৰ কৰি লৈছে। চাহ বাগিছাৰ শ্ৰমিক সকলে পোৱা নাই নিজৰ প্ৰাপ্য মজুৰি,ছয় জনগোষ্ঠীয়ে নেপালে জনজাতিকৰণ

কোটি কোটি নিবনুৱাই নেপালে সংস্থাপন,বজাৰত খাদ্য সামগ্ৰী আৰু নিৰ্মাণ সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি ৷ এইয়াই মোদীজীৰ আৰ্শীবাদ বুলি মন্তব্য কৰে গান্ধীয়ে ৷
এনে প্ৰেক্ষাপটত বিজেপিৰ বিকল্প ৰূপে কংগ্ৰেছৰ পক্ষত ৰাইজে মতদান কৰক ৷ কথা দিলো কংগ্ৰেছে চাহ বাগিছাৰ শ্ৰমিকক চাৰিশ টকালৈ বৃদ্ধি কৰিব মজুৰি ৷ কোঁচ ৰাজবংশীৰ জনজাতিকৰণ কৰা হ’ব ৷ একেদৰে সকলো জাতি – জনগোষ্ঠীৰ কৰা হ’ব গণনা ৷
আনহাতে অসমত এতিয়া চলি আছে মাফিয়াৰ চৰকাৰ বুলি তিৰ্যক মন্তব্য কৰে ৷ সভা খনত এপিচিচিৰ সভাপতি ভূপেন বৰা,বিৰোধী দলপতি দেবব্ৰত শইকীয়া আৰু ধুবুৰীৰ কংগ্ৰেছী প্ৰাৰ্থী ৰকিবুল হুছেইন সহ বহু কেইজন কংগ্ৰেছ নেতা উপস্থিত থাকে ৷

Exit mobile version