Heavy Rainfall In Dimahasau:বানত বুৰ গ‘ল হাফলং চহৰ !

মুষলধাৰ বৰষুণত জলস্তৰ বৃদ্ধি জাতিংগাৰ,নেৰানেপেৰা বৰষুণৰ বাবে ডিমা হাছাওৰ বিদ্যালয় বন্ধৰ নিৰ্দেশ জিলা আয়ুক্ত আৰু পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ প্ৰধান সচিবৰ

haflong flood

Heavy Rainfall In Dimahasau:

ৰাজ্যৰ পাহাৰীয়া জিলা ডিমা হাচাওত প্ৰকৃতিয়ে লৈছে ভয়ংকৰ ৰূপ। বিগত কে”বাদিনো ধৰি অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত ভিন্নস্থানত ভূমিস্খলন আৰু পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে বুৰাই পেলাইছে বহু পথ ৷  ছিন্ন-বিচিন্ন কৰিছে ৰাস্তা-ঘাট ৷ এনে অপৰিৱৰ্তীত পৰিস্থিতিৰ বাবে ইতিমধ্যে ব্যাহত হৈ পৰিছে যোগাযোগ ব্যৱস্থা ।

আনহাতে মুষলধাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা বানত বুৰ গৈছে পাৰ্বত্য জিলা খনৰ সদৰ হাফলং চহৰ ৷ হাফলং বজাৰৰ ভিন্নপ্ৰান্তত সৃষ্টি কৃত্ৰিম বানৰ ৷ পথৰ ওপৰত একাঁঠু পানী, খহি পৰিছে ঘৰ-দুৱাৰ ৷ নেৰানেপেৰা বৰষুণৰ ফলত ডিমা হাছাওত অবৰ্ণনীয় পৰিস্থিতি ৷ নেৰানেপেৰা বৰষুণৰ ফলস্বৰূপে জলস্তৰ বৃদ্ধি পাইছে জাতিংগা নৈৰ ৷ বিপদসীমা অতিক্ৰম কৰিলেই জিলা খনৰ অৱস্থা জটিল হোৱাৰ সম্ভাৱনা আছে ৷

ইপিনে,প্ৰতিকুল বতৰৰ বাবে পাৰ্বত্য জিলা খনৰ বিদ্যালয়-কলেজ সহ সকলোবোৰ চৰকাৰী- বেচৰকাৰী শিক্ষানুষ্ঠান চাৰি মে’লৈ বন্ধ ঘোষণা কৰিছে জিলা আয়ুক্ত আৰু পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ প্ৰধান সচিবে ৷

একেদৰে জাতিংগা-হাৰাংগাজাও সংযোগী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি আৱেলি চাৰি বজাৰ পৰা যানবাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে।

আনহাতে ,বতৰ বিজ্ঞান বিভাগে জিলাখনত ছয় মে’লৈ মুষলধাৰ বৰষুণ অব্যাহত থকাৰ সম্ভাৱনা ব্যক্ত কৰিছে |

Exit mobile version