Dry Day declared in Kamrup Metropolitan District:কামৰূপ মহানগৰ জিলাত ড্ৰাই ডে’ ঘোষণা

dry day

Dry Day Declared in Kamrup Metropolitan District:

অহা ৭ মে’ ত অনুষ্ঠিতব্য ৫ নং গুৱাহাটী লোকসভা সমষ্টিৰ ভোটগ্ৰহণৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলা আয়ুক্তই ৫ মে’ৰ আবেলি ৫ বজাৰ পৰা ৭ মে’ৰ আবেলি ৫ বজালৈ কামৰূপ মহানগৰ জিলাত ড্ৰাই ডে’ ঘোষণা কৰিছে। এই সময়ছোৱাত জিলাখনত সুৰা সেৱন, সৰবৰাহ তথা ক্ৰয়-বিক্ৰয় সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে ।

তদুপৰি সকলো ধৰণৰ সুৰাৰ পাইকাৰী আৰু খুচুৰা বিপনী, বাৰ আদি বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰা হৈছে। কোনো ব্যক্তি অথবা প্ৰতিষ্ঠানে উল্লেখিত নিয়ম ভংগ কৰিলে জনপ্ৰতিনিধি আইন, ১৯৫১ ৰ ১৩৫(গ) ধাৰা তথা আবকাৰী আইনৰ অধীনত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি নিৰ্দেশটোত কোৱা হৈছে।

উল্লেখযোগ্য যে জিলা প্ৰশাসনে অহা ৪ জুনৰ ভোটগণনাৰ দিনাখনো কামৰূপ মহানগৰ জিলাত ড্ৰাই ডে’ ঘোষণা কৰিছে ।

Exit mobile version