75 International Representatives From 23 Countries are in India To Observe The Lok Sabha Elections:লোকসভাৰ নিৰ্বাচন পৰ্যবেক্ষণৰ বাবে ভাৰতত উপস্থিত ২৩ দেশৰ ৭৫ আন্তঃৰাষ্ট্ৰীয় প্রতিনিধি

international observer

75 International Representatives From 23 Countries are in India To Observe The Lok Sabha Elections:

লোকসভাৰ চলিত নির্বাচন নিৰীক্ষণৰ বাবে বিশ্বৰ ২৩ খন দেশৰ ৭৫ জন অন্তর্জাতিক প্রতিনিধি ভাৰতত উপস্থিত হ’ল। মুখ্য নির্বাচন বিষয়া ৰাজীৱ কুমাৰে এই কথা সদৰী কৰি জনোৱা অনুসৰি দেশৰ নিৰ্বাচন আয়োগে ভাৰতৰ গণতান্ত্রিক প্ৰক্ৰিয়াৰ স্বচ্ছত বিশ্ববাসীৰ আগত উপস্থাপন কৰাৰ বাবে বিভিন্ন দেশৰ প্ৰতিনিধিক লোকসভাৰ নির্বাচন প্রক্রিয়া পৰ্যবেক্ষণৰ বাবে ভাৰতলৈ আমন্ত্রণ জনাইছিল ৷ আন্তঃৰাষ্ট্ৰীয় প্রতিনিধিৰ দলটোৱে দেশৰ পাঁচখন চহৰ আৰু পাঁচখন ৰাজ্যত ভোটগ্রহণ কেন্দ্ৰ পৰিদৰ্শন কৰি নিৰ্বাচনী প্রক্রিয়া নিৰীক্ষণ কৰিব।

লোকসভাৰ নিৰ্বাচনত আজি তৃতীয় পৰ্যায়ৰ ভোটগ্রহণৰ দিনাই ৭৫ আন্তঃৰাষ্ট্ৰীয় প্রতিনিধিয়ে বিভিন্ন ভোটগ্রহণ কেন্দ্ৰত উপস্থিত হৈ দেশৰ সর্ববৃহৎ গণতান্ত্রিক প্ৰক্ৰিয়াটোৰ পর্যবেক্ষণ কৰে। নির্বচন প্রক্রিয়া নিৰীক্ষণ কৰাৰ বাবে ভুটান, মংগোলীয়, অস্ট্রেলিয়া, মেডাগাস্কাব, ফিজি, বাছিয়া, কির্গিজস্তান, মালদ্বীপ, টিউনেছিয়া, চেচেলছ, কম্বোডিয়া, নেপাল, ফিলিপাইন্স, শ্রীলংকা, জিম্বাৱে, বাংলাদেশ, কাজাকিস্তান, জর্জিয়া, ছিলি, উজবেকিস্তান, পাপুৱা নিউগিনি আৰু নামিবিয়াৰ প্রতিনিধি ভাৰতলৈ আহিছে।

Exit mobile version