IAS Officer Barnali Deka:
পুনৰ বিতৰ্কত সাংবাদ মাধ্যমৰ শিৰোনাম দখল আই এ এছ বিষয়া বৰ্ণালী ডেকাৰ ৷এইবাৰৰ স্থান নলবাৰী জিলা ৷ মানসিক হাৰাশাস্তিৰ অভিযোগ তুলি এজাহাৰ দাখিল বৰ্ণালী ডেকাৰ বিৰুদ্ধে ৷ বৰ্ণালী ডেকা আছিল নলবাৰী জিলাৰ আয়ুক্ত ৷
ADVERTISEMENT
মানসিক হাৰাশাস্তিৰ অভিযোগত এজাহাৰ দাখিল কৰিলে পশ্চিম নলবাৰী ৰাজহ চক্ৰ বিষয়া অৰ্পণা শৰ্মাই । মাজনিশা ২.০৯ বজাত নলবাৰী সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল জিলা আয়ুক্তৰ বিৰুদ্ধে । গৰ্ডন খেলপথাৰত লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী কাম কৰি থকা অৱস্থাতে দুয়োজন বিষয়াৰ মাজত কথাৰ কটাকটি হৈছিল l