Leopard With Cub Trapped in Bhangagarh Hills:মহানগৰীৰ ভঙাগড়ৰ পাহাৰত আৱদ্ধ পোৱালি সহ নাহৰফুটুকী বাঘ

শিলৰ ফাকত আৱদ্ধ হৈ আছে বাঘৰ পৰিয়ালটো, শংকিত অঞ্চলবাসী,ঘটনাস্থলীত বনকৰ্মী আৰু আৰক্ষী উপস্থিত

leopard

Leopard With Cub Trapped in Bhangagarh Hills:

মহানগৰীৰ মাজমজিয়াৰ ভঙাগড় পাহাৰত আবদ্ধ পোৱালি সহ নাহৰফুটুকী ৷ ইন্দ্ৰপুৰৰ পাহাৰৰ শিলৰ ফাকত আবদ্ধ হৈ আছে তিনিটা পোৱালি সহ নাহৰফুটুকী ৷

স্থানীয় লোকে বাঘৰ উপস্থিতিৰ উমান পাই শংকিত হৈ পৰিছে । প্ৰত্যক্ষদৰ্শীয়ে বাঘৰ তিনিটা পোৱালীয়ে শিলৰ ফাকৰ ওচৰত উমলি-জামলী কৰি থকা দৃশ্য ম’বাইলত বন্দী কৰিছে ৷ ইতিমধ্যে ঘটনাস্থলীত বন বিভাগৰ লোক আৰু আৰক্ষী উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰিছে ৷ বন বিভাগে স্থানীয় লোকৰ ম’বাইলৰ ফটো চাই অনুমান কৰিছে যে হয়তো পোৱালী কেইটা ল’তা মাকৰী বাঘৰ পোৱালী হ’ব পাৰে ।

উল্লেখ্য যে,ভঙাগড়ৰ জিএমচিএইছৰ অডিটৰিয়ামৰ সমীপত প্ৰায়ে নাহৰফুটুকীৰ বিচৰণ কৰি থকা প্ৰত্যক্ষ কৰে স্থানীয় লোকে । এনেক্ষেত্ৰত ইন্দ্ৰপুৰৰ শিলৰ ফাকত উমলি থকা পোৱালী কেইটা নাহৰফুটুকীৰ বুলি সন্দেহ কৰিছে ৷

আনহাতে,ঘটনাস্থলীত উপস্থিত হোৱা বন বিভাগ আৰু আৰক্ষীয়ে অতি নিৰাপদে বাঘৰ পৰিয়ালটোক শিলৰ ফাকৰ পৰা উদ্ধাৰ কৰিবৰ বাবে সকলো যাবতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি  টেংকুলাইচ কৰাৰ বাবে সাজু হৈছে যদিও বাঘৰ পোৱালী কেইটাৰ কিবা অনিষ্ট হোৱাা আশংকাত থমকি ৰৈছে উদ্ধাৰ অভিযান

তথাপিও বন বিভাগে আন কৌশলৰ বাবে চিন্তাচৰ্চা কৰিছে ৷ বন বিভাগৰ এগৰাকী বিষয়াই জানিব দিয়া মতে ,বাঘৰ পৰিয়ালটোক শিলৰ ফাকৰ পৰা উদ্ধাৰ কৰি ৰাজ্যিক চিৰিয়াখানা বা আন কোনো বনাঞ্চলত এৰি দিয়া হ’ব পাৰে ৷

Exit mobile version