Leopard Seen Rooming Near GMCH:
মহানগৰীৰ মাজমজিয়াত নাহৰফুটুকীৰ অবাধ বিচৰণ ৷ ভঙাগড়স্থ গুৱাহাটী মেডিকেল কলেজ হাস্পতাল চৌহদত নাহৰফুটুকীৰ বিচৰণক লৈ আতংকিত হৈ পৰিছে স্থানীয় আবাসী ৷
ADVERTISEMENT
উল্লেখ্য যে,জি এম চি এইছৰ প্ৰেক্ষাগৃহৰ কাষত নাহৰফুটুকীয়ে পাইচাৰি কৰাৰ লগতে জীৱ-জন্তু ভক্ষণ কৰাৰ দৃশ্য বন্দী হৈছিল বিভিন্নজনৰ ম’বাইলৰ কেমেৰাত । ইয়াৰ পাছতে আতংকিত হৈ পৰে আবাসী সকল ৷
আজি নাহৰফুটুকী বাঘটো ধৰিবলৈ জিএম চি এইছৰ প্ৰেক্ষাগৃহৰ সমীপত বন বিভাগে স্থাপন কৰিছে লৌহ পিঞ্জৰা ৷