UK Company AstraZeneca Will Withdraw its COVID-19 Vaccine:বিশ্বজুৰি কভিশ্বিল্ডৰ পার্শ্বক্ৰিয়া !

ব্রিটেইনৰ ঔষধ নির্মাণ কোম্পানী এছট্রাজেনেকাই ওভতাই আনিব ক'ভিড প্রতিষেধক

covishild

UK Company AstraZeneca Will Withdraw its COVID-19 Vaccine:

বিশ্বজুৰি কভিশ্বিল্ডৰ পার্শ্বক্ৰিয়াৰ বাতৰি প্ৰচাৰৰ পিছতেই ব্রিটেইনৰ ঔষধ নির্মাণ কোম্পানী এছট্রাজেনেকাই ওভতাই আনিব ক’ভিড প্রতিষেধক ৷ ইয়াৰ লগে লগে বিশ্বৰ বজাৰৰ পৰা প্ৰত্যাহাৰ কৰা হ’ল ক’ভিশ্বীল্ড ৷

ব্রিটেইনৰ ভেকচিন প্রস্তুতকাৰী সংস্থাটোৱে অৱশ্যে এই সন্দৰ্ভত সদৰি কৰে যে,বাণিজ্যিক কাৰণত এই সিদ্ধান্ত লোৱা হৈছে ৷ মনকৰিবলগীয়া যে,ক’ভিশ্বিল্ডৰ পার্শ্বক্ৰিয়াৰ বাতৰিয়ে ইতিমধ্যে সমগ্ৰ ভাৰতত ক’ভিম্বিল্ড প্রতিষেধক লোৱা লোকৰ মাজত শংকাৰ সৃষ্টি কৰিছে। আনকি এই সন্দৰ্ভত কংগ্ৰেছ সহ বিৰোধী দল সমূহে বিজেপি চৰকাৰক টাৰ্গেট কৰি সমালোচনাৰে থকাসৰকা কৰিছিল । মঙলবাৰে এছট্রাজেনেকাই বিশ্বৰে পৰা ভেক্সজেভেৰিয়া ক’ভিড প্রতিষেধকবিধ ওভতাই অনাৰ কথা সদৰি কৰিছিল।

স্মতৰ্ৱ্য যে ,এছট্রাজেনেকাই হঠাতে লোৱা সিদ্ধান্তই ইতিমধ্যে ভাৰতত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ এছট্রাজেনেকাৰ ভেক্সজেভেৰিয়া ক’ভিড প্রতিষেধকবিধ ভাৰতৰ ছিৰাম ইনষ্টিউট অৱ ইণ্ডিয়াই ক’ভিম্বিল্ড নামেৰে ভাৰতত প্ৰস্তুত কৰিছিল।

ইপিনে,ব্রিটেইনৰ ঔষধ নির্মাণ কোম্পানী এছট্রাজেনেকাই কালি প্ৰকাশ কৰা মতে, তেওঁলোকৰ ভেক্সজেভেৰিয়া নামৰ ক’ভিড প্রতিষেধকবিধ শীঘ্রেই ইউৰোপীয় দেশ সমূহৰ উভতাই অনাৰ পিছত পৰৱৰ্তী সময়ত পৰ্যায়ক্ৰমে বিশ্বৰ আন আন দেশ সমূহৰ পৰাও উভতাই অনাৰ যাবতীয় পদক্ষেপ গ্ৰহণ কৰিছে ৷

Exit mobile version