Guwahati Jyoti Nagar Incident:মহানগৰীৰ ৰাজপথত কুলাংগাৰ পুত্ৰৰ অমানৱীয় কাণ্ড !

কুলাংগাৰ পুত্ৰৰ প্ৰহাৰত ধৰাশায়ী বৃদ্ধ পিতৃ, সুৰাৰ ৰাগিত মাতল কুলংগাৰ পুত্ৰক আটক,জামিনজামিত মুক্তি,তীব্ৰ প্ৰতিক্ৰিয়া

jyotinagar incident

Guwahati Jyoti Nagar Incident:

বৃহস্পতিবাৰে মহানগৰৰ মাজমজিয়াত সংঘটিত এক লজ্জাজনক ঘটনাই সকলোকে হতচকিত কৰি তুলিছে ৷

ঘৰৰ পৰা ৰাজপথলৈ বৃদ্ধ পিতৃক চোচৰাই আনি কুলাংগাৰ পুত্ৰই লাঠিৰে গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে ৷ অৱশ্যে পিছত স্থানীয় লোকৰ তৎপৰতাত ৰক্ষা পৰে বৃদ্ধ গৰাকী ৷ এই ঘৃণনীয় কাণ্ড সংঘটিত হয় চানমাৰী থানাৰ অন্তৰ্গত জ্যোতিনগৰত ।

উল্লেখ্য যে,জ্যোতিনগৰৰ আকাশী পথৰ বাসিন্দা প্ৰবাল দাস নামৰ বিবাহিত যুৱকজনে প্ৰায় টেটুলৈকে সুৰাপান কৰি আহি ঘৰত এক অশান্তিময় পৰিবেশ সৃষ্টি কৰাটো নিত্যনৈমিত্তিক ঘটনাত পৰিণত হৈছিল ৷

আজিও আন দিনাৰ দৰে পাষাণ পুত্ৰ প্ৰবাল দাসে দিনদুপৰতে অত্যাধিক সুৰাপান কৰি আহি নিজ গৃহত উপস্থিত হৈ বৃদ্ধ পিতৃৰ স’তে কিবা কথাত কটাকটি হয় ৷ ইয়াৰ মাজতে কুলংগাৰ পুত্ৰ প্ৰবাল দাসে পিতৃ প্ৰভাত দাসক ঘৰৰ পৰা চোচৰাই আনি ৰাজপথ গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে।

আনহাতে বৃদ্ধ গৰাকীৰ আৰ্তনাদ শুনি স্থানীয় লোকসকল ঘটনাস্থলীত উপস্থিত হোৱাত কুলাংগাৰ পুত্ৰই পিতৃক ৰাজপথতে এৰি পলায়ন কৰে৷ পিছত স্থানীয় লোকৰ তৎপৰতাক ঘটনাস্থলীত চানমাৰি আৰক্ষী উপস্থিত হৈ বৃদ্ধ গৰাকীক চিকিৎসাৰ ব্যৱস্থা কৰাৰ লগতে বৃদ্ধ গৰাকীয়ে দিয়া এজাহাৰৰ ভিত্তিত সুৰাপায়ী পাষাণ পুত্ৰ আটক কৰে ৷

আনহাতে নিজ পিতৃক ৰাজপথত প্ৰহাৰ কৰা কুলংগাৰ পুত্ৰ প্ৰবাল দাসৰ উচিত শাস্তিৰ দাবী কৰে জ্যোতিনগৰৰ আকাশী পথৰ বাসিন্দা সকলে ৷ কিন্ত শেহতীয়া প্ৰাপ্ত খবৰ অনুসৰি চানমাৰি আৰক্ষীয়ে জামিনত মুকলি কৰি দিছে প্ৰবাল দাসক ৷ ৰাইজে আৰক্ষীৰ এই স্থিতিক গৰিহণা দিছে ৷

Exit mobile version