Five people have fallen ill after eating poisonous Mushroom:
ADVERTISEMENT
চৰাইদেউত অঘটন ৷ বিষাক্ত কাঠফুলা ভক্ষণ কৰি অসুস্থ হয় শিশুসহ পাঁচজন লোক ৷ এই ঘটনা সংঘটিত হয় জিলা খনৰ চিংল’ পথাৰত।
বিষাক্ত কাঠফুলা ভক্ষণ কৰি অসুস্থ হোৱা লোক সকল হ’ল দেৱাৰু তাঁতী, মাইনা বাক্তি. সুনীতা আৰু শিৱা বাক্তি ৷ আনহাতে অসুস্থ হয় পপিমণি নামৰ এটি পাঁচবছৰীয়া কন্যা শিশুও ।
ইতিমধ্যে বিষক্রিয়াত আক্ৰান্ত আটাইকেইজনক ততাতৈয়াকৈ ভৰ্তি কৰা হয় ডিব্ৰুগড়স্থ অসম মেডিকেল কলেজ হাস্পতালত ৷