Kaliabor Incident : ঘন জংঘলত উদ্ধাৰ দম্পতীৰ মৃতদেহ

মৃতদেহৰ কাষত বিহৰ বটল উদ্ধাৰ আৰক্ষীৰ

kaliabar

Kaliabor Incident :

ঘন জংঘলৰ মাজত মৃত অৱস্থাত উদ্ধাৰ দম্পতীৰ মৃতদেহ উদ্ধাৰ। কলিয়াবৰৰ বাঘজান অকতা শিলৰ ঘন জংঘলত দম্পতীৰ মৃতদেহ ৰহস্যজনক অৱস্থাত উদ্ধাৰক লৈ অঞ্চটোত সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ

উল্লেখ্য যে,স্থানীয় লোকে ঘন জংঘলৰ মাজত এহাল দম্পতী পৰি থকা সম্ভেদ লাভ কৰি সেইস্থানত উপস্থিত হৈ বৃদ্ধজনক মৃত অৱস্থাত আৰু মহিলা গৰাকী জীয়াই থকা প্ৰত্যক্ষ কৰে ৷ কিন্ত কিছু সময়ৰ পিছতে শেষ নিশ্বাস ত্যাগ কৰে মহিলা গৰাকীয়ে ৷

আনহাতে ঘটনাস্থলীত জখলাবন্ধা আৰক্ষী উপস্থিত হৈ মৃত দম্পতীৰ পৰিচয় উদ্ধাৰ কৰে ৷ দম্পতীৰ নাম ক্ৰমে বালাৰাম চেত্ৰী আৰু পবিত্ৰা দেৱী ৷ আৰক্ষীয়ে মৃতদেহৰ কাষত এটা বটল উদ্ধাৰ কৰি নিশ্চিত হয় বটলটো বিহৰ ৷ বিহপান কৰি মৃত্যু হোৱাৰ সন্দেহ কৰিছে আৰক্ষী আৰু স্থানীয় লোকে। মৃত দম্পতীহালৰ ঘৰ ডিমাপুৰত বুলি জানিব দিয়ে আৰক্ষীয়ে ৷

Exit mobile version