Teacher Couple Jumps From Three-Story building:শিৱসাগৰৰ ডিমৌত চাঞ্চল্যকৰ ঘটনা !

তিনি মহলীয়া ব্লিডিঙৰ পৰা জাঁপ শিক্ষক দম্পতীৰ, সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি

dibrugah

Teacher Couple Jumps From Three-Story building:

পাৰিবাৰিক কন্দলৰ বাবেই শিক্ষক দম্পতীয়ে জপিয়ালে তিনিমহলীয়া অট্টালিকাৰ পৰা ৷ সংকটজনক অৱস্থাত ভৰ্তি চিকিৎসালয়ত ৷ এই চাঞ্চল্যকৰ ঘটনাৰ স্থান শিৱসাগৰৰ ডিমৌৰ কুশল পথত ৷

উল্লেখ্য যে,ডিমৌ কুশল পথৰ নিবাসী ওম প্ৰকাশ গোস্বামীৰ অট্টালিকাত ভাড়াতীয়া হিচাপে থকা জামিৰা খবজান কছাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক বিদ্যুত নাথ আৰু তেওঁৰ পত্নী চুমণী মিৰি পথাৰ এল পি স্কুলৰ শিক্ষয়িত্ৰী উপাসনা বুঢ়াগোহাঁইয়ে আজি দুপৰীয়া ভাগত তিনিমহলীয়া অট্টালিকাৰ প্ৰথম মহলাৰ পৰা জঁপিয়াই ৷

পিছত মুৰ্মুষ অৱস্থাত স্থানীয় লোকে সংকটজনক অৱস্থাত উদ্ধাৰ কৰি ততাতৈয়াকৈ ডিমৌ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও অৱস্থা অতি গুৰুত্বৰ হোৱাত চিকিৎসকৰ পৰামৰ্শ অনুসৰি ডিব্ৰুগড়স্থ অসম মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷ সম্প্ৰতি দুয়ো চিকিৎসালয়ত মৃত্যুৰ স’তে যুঁজিছে ৷

স্মতৰ্ৱ্য যে,দম্পতীহাল অট্টালিকাটোত যোৱা দুমাহদিন ধৰি ভাড়াতীয়া হিচাপে বসবাস কৰি আছিল। দম্পতীহালৰ স্থায়ী ঘৰ শিৱসাগৰৰ হাফলুটিঙত।‌

কি কাৰণত দম্পতীহালে চৰম পন্থা বাচি লৈছিল এই সন্দৰ্ভত আৰক্ষী তদন্তহে সকলো পোহৰলৈ আনিব ৷ প্ৰাৰম্ভিক তদন্তত আৰক্ষীয়ে সন্দেহ কৰিছে যে পাৰিবাৰিক কন্দলৰ বাবেই হয়তো উক্ত ঘটনা সংঘটিত হৈছে ৷

Exit mobile version