Government Has Ordered an Increase in the Sale of Liquor in the State:ৰাজ্যত সুৰা বিক্ৰী বৃদ্ধিৰ লক্ষ্যৰে আবকাৰী বিভাগৰ জাননী

ৰাজ্যত সুৰা বিক্ৰী বৃদ্ধিৰ নিৰ্দেশ, প্ৰতি খন বিপণীলৈ মাহে ৩,৩১০ লিটাৰ বীয়েৰ বিক্ৰীৰ টাৰ্গেট নিৰ্ধাৰণ চৰকাৰৰ, ৰাজহ ৪ হাজাৰ ৫০০ কোটি টকালৈ বৃদ্ধিৰ লক্ষ্যস্থিৰ দিছপুৰৰ

wine

Government Has Ordered an Increase in the Sale of Liquor in the State:

ৰাজ্যত সুৰাৰ দাম অত্যাধিক বৃদ্ধিকৰণৰ পিছৰে পৰা বিক্ৰী কমিছে সুৰাৰ ৷ পূৰ্বতকৈ সুৰাৰ বিক্ৰী হ্ৰাস পাইছে ৫০ শতাংশলৈ ৷ যাৰ ফলস্বৰূপে ৰাজহ কমিছে আবকাৰী বিভাগৰ ৷ চিন্তিত হৈ পৰিছে দিছপুৰ ৷

এনেক্ষেত্ৰত ৰাজহ বৃদ্ধিৰ স্বাৰ্থত সুৰা বিক্ৰী বৃদ্ধিৰ নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যৰ আবকাৰী বিভাগে৷ এতিয়াৰ পৰা প্ৰতিখন জিলাৰ প্ৰতিখন সুৰা বিপণীয়ে অনান্য সুৰা বিক্ৰীৰ লগতে মাহে ৩,৩১০ লিটাৰ বীয়েৰ বিক্ৰীৰো নিৰ্দেশনা জাৰি কৰে আবকাৰী আয়ুক্তই ৷

উল্লেখ্য যে,আবকাৰী বিভাগে আবকাৰী ৰাজহ ৪ হাজাৰ ৫০০ কোটি টকালৈ বৃদ্ধিৰ লক্ষ্যস্থিৰ কৰিছে ৷ মনকৰিবলগীয়া যে,অত্যাধিক দাম বৃদ্ধিৰ বাবে হ্ৰাস পাইছিল সুৰাৰ বিক্ৰী ৷ বহু সুৰাপায়ীয়ে বিলাতী সুৰা সেৱনৰ পৰিৱৰ্তে বাচি লৈছিল জনগোষ্ঠীয় দেশীয় সুৰা

আনহাতে ,২০২৩-২৪ বৰ্ষত ১.২৭ কোটি সুৰাৰ কাৰ্টন বিক্ৰী হৈছিল ৷ যি পূৰ্বৰ বিক্ৰীতকৈ ৫০ শতাংশ কম ৷ কিন্ত ২০২৪-২৫ বৰ্ষত ১.৬১ কোটি সুৰাৰ কাৰ্টন বিক্ৰীৰ লক্ষ্যস্থিৰ কৰিছে ৰাজ্য চৰকাৰে ৷

Exit mobile version