Pope Francis::ইটালীবাসীক অধিক সন্তান জন্ম দিবলৈ আহ্বান পোপ ফ্রান্সিছৰ !

pope

Pope Francis::

পোপ ফ্রান্সিছে ইটালীবাসীক অধিক সন্তান জন্ম দিবলৈ আহ্বান জনালে। পোপে দেশবাসীক সম্বোধন কৰি কয় যে ইটালীৰ জনসংখ্যা হ্রাস পাবলৈ ধৰিছে আৰু এই সংকটৰ পৰা দেশখনক ৰক্ষা কৰিবলৈ দেশবাসীয়ে অধিক সন্তান জন্ম দিয়া জৰুৰী হৈ পৰিছে ৷

এক অনুষ্ঠানত অংশ লৈ গ্রীষ্টধর্ম গুৰুজনে ক’লে, জন্মৰ সংখ্যা বৃদ্ধিয়ে মানুহৰ আশা উদ্দীপনাক প্রদর্শন কৰে। শিশু আৰু যুৱ প্ৰজন্মৰ অবিহনে এখন দেশৰ ভৱিষ্যতৰ প্ৰতি কোনো আকাংক্ষা নাথাকে। সেয়েহে ইটালীবাসীয়ে অধিক সন্তান জন্ম দিয়াৰ বাবে আগবাঢ়ি অহা উচিত।’

ইটালীত জন্মৰ হাৰ পূৰ্বৰে পৰা কম আৰু বিগত ১৫ বছৰ ধৰি দেশখনত জন্মৰ হাৰ হ্রাস অব্যাহত আছে। যোৱা বছৰৰ জন্মৰ হাৰ দেশখনত সর্বকালৰ সর্বনিম্ন হৈছিল। ২০২৩ বর্ষত ইটালীত ৩,৭৯,০০০ টা শিশুৰ জন্ম হৈছিল। ভেটিকানৰ সমর্থনত ইটালীৰ প্রধানমন্ত্রী জর্জিয়া মেল ‘নীয়ে ২০৩৩ বর্ষলৈকে বার্ষিক গড়ে কমেও ৫,০০,০০০ সন্তান জন্ম দিয়াৰ এক আঁচনি প্রস্তুত কৰিছে। ইটালী চৰকাৰে মহিলাসকলক পৰিয়াল বৃদ্ধি কৰাৰ বাবে উৎসাহিত কৰিবলৈকো অভিযান চলাইছে।

Exit mobile version