Morigaon:মৰিগাঁৱত সদৌ অসম শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন

morigaon

Morigaon:

অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ ৮৫৫ জন শ্বহীদৰ পৰিয়ালবৰ্গৰ উমৈহতীয়া সংগঠন সদৌ অসম জাতীয় শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ ৩৪ সংখ্যক প্ৰতিষ্ঠা দিৱসটি আজি সংগঠনটোৰ মৰিগাঁও জিলা সমিতিৰ আতিথ্যত মৰিগাঁৱত কেন্দ্ৰীয় ভাবে উদযাপন কৰা হয়। মৰিগাঁও চহৰৰ সৰ্বমংগলম সংগীত মহাবিদ্যালয় প্ৰাংগনত দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা প্ৰতিষ্ঠা দিৱসৰ পুৱা পতাকা উত্তোলন কৰে সদৌ অসম জাতীয় শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ সভাপতি তথা শ্বহীদ বাবুলাল ডেকাৰ ভাতৃ ৰাজেন ডেকাই ।

ইয়াৰ পিছতে শ্বহীদ তৰ্পণ কাৰ্যসূচী মুকলি কৰে সংগঠনটোৰ সাধাৰণ সম্পাদক তথা অসম আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ কনিষ্ঠ ভাতৃ চন্দ্ৰকান্ত তালুকদাৰে আৰু বন্তি প্ৰজ্বলন কৰে সংগঠনটোৰ কোষাধ্যক্ষ কন্দৰ্প ডেকাই। পুৱাৰ ভাগতে ঐতিহাসিক অসম আন্দোলন আৰু পৰিষদৰ অতীত ৰোমন্থন শীৰ্ষক এটি কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি সদৌ অসম জাতীয় শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ উপদেষ্টা ক্ৰমে শৰৎ বৰুৱা, বিৰিঞ্চি কুমাৰ শৰ্মা, কমল নাথ, দীপক তালুকদাৰসহ বহুকেইজন নেতাই অসম আন্দোলনৰ ক্ৰিয়া প্ৰতিক্ৰিয়াৰ ওপৰত সাৰগৰ্ভ বক্তৃতা প্ৰদান কৰি শ্বহীদ সকলৰ অৱদানক শ্ৰদ্ধাৰে স্মৰণ কৰে।

বিয়লি সভাপতি ৰাজেন ডেকাৰ সভাপতিত্বত সংগঠনটোৰ এখন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। এই সভাত ৰাজ্য চৰকাৰে সংগঠনটোৰ কাৰ্যালয় আৰু প্ৰকল্প নিৰ্মাণৰ বাবে গুৱাহাটী মহানগৰীত এবিঘা ভূমি আৰু ৫০ লাখ টকা আৱন্টন দিয়াৰ প্ৰতিশ্ৰুতি দি আজি পৰ্যন্ত কাৰ্যকৰী পদক্ষেপ গ্ৰহণ নকৰাত গভীৰ আক্ষেপ প্ৰকাশ কৰে।

লগতে উক্ত ভূমি আৰু ধন শীঘ্ৰে মুকলি কৰি দিবলৈ ৰাজ্য চৰকাৰক বিশেষ ভাবে আহ্বান জনায়। সভাত সংগঠনটোৰ সাংগঠনিক বিষয়ৰ ওপৰত এক গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত কৰাৰ লগতে বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহন কৰা হয়।

Exit mobile version