Padmashri Birubala Rabha Passed Away:পদ্মশ্ৰী বিৰুবালা ৰাভাৰ দেহাৱসান

জি এম চি এইছত শেষ নিশ্বাস ত্যাগ বিৰুবালা ৰাভাৰ, ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত সম্পন্ন হ'ব পদ্মশ্ৰী বিৰুবালা ৰাভাৰ পাৰ্থিৱ শৰীৰ

birubala 1

Padmashri Birubala Rabha Passed Away:

অন্ধবিশ্বাসৰ বাবে আজীৱন যুঁজ দিয়া পদ্মশ্ৰী বিৰুবালা ৰাভাৰ পৰলোকপ্ৰাপ্তি।সোমবাৰে পুৱা ৯.২৩ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বিৰুবালা ৰাভাই। উল্লেখ্য যে,বহুদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ শেহতীয়াকৈ তেওঁ চিকিৎসাধীন হৈ আছিল জিএম চিএইছত

আজি পুৱা আই চি ইউতে মৃত্যু হয় ৷ মহিয়ষী নাৰী বিৰুবালা ৰাভাই যোৱা দুটা দশক ধৰি ৰাজ্যৰ কেতবোৰ অঞ্চলত প্ৰচলিত বিভিন্ন অন্ধবিশ্বাসৰ বিৰুদ্ধে ৰাইজৰ মাজত সচেতনতা অনাৰ বা অহৰহ প্ৰচেষ্টাত আত্মনিয়োগ কৰিছিল ৷ একেদৰে, ডাইনী সন্দেহত যিসকল লোক আতিশয্যৰ সন্মুখীন হৈছিল সেইসকলক তেওঁ সহায় কৰিছিল ৷ এনে সাহসীমূলক কাৰ্যৰ বাবে ভাৰত চৰকাৰে ২০২১ চনত দেশৰ চতুৰ্থ অসামৰিক সন্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছিল।

আনহাতে তেওঁক ২০০৮ চনত বীৰুবালা ৰাভাক মুম্বাইত ৰিলায়েঞ্চ ইণ্ডিয়া লিমিটেডৰ সম্বর্ধনা ৷২০১১ চনত সৰ্বেশ্বৰ দত্ত সোঁৱৰণী বঁটা ৷ ২০১৫ত দ্বাদশ উপেন্দ্রনাথ ব্রহ্ম মানৱতাৰ সৈনিক বঁটা ।২০১৫ চনত গুৱাহাটী বিশ্ববিদ্যালয়ে প্ৰদান কৰিছিল ডক্টৰেট ডিগ্ৰী ৷ ২০১৯ বর্ষত আনন্দৰাম ঢেকিয়াল ফুকন বঁটা ৷ শেহতীয়াকৈ ২০২১ চনত বীৰুবালা ৰাভালৈ পদ্মশ্রী সম্মান ৷

পদ্মশ্ৰী বীৰুবালা ৰাভাই ১৯৫৪ চনত গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ ঠাকুৰভিলা নামৰ এখন ভিতৰুৱা গাঁৱৰ এটা কৃষিজীৱী পৰিয়ালত জন্ম হৈছিল ৷ পঞ্চম শ্ৰেণীলৈকে অধ্যয়ন কৰাৰ পিছতেই বিদ্যালয় এৰিবলগীয়া হৈছিল বীৰুবালা ৰাভাই। কণমানি কালৰে পৰা বিভিন্ন সামাজিক কামত ব্যস্ত থকাৰ মাজতে পৰৱৰ্তী সময়ত ২০০০ চনৰ জড়িত হৈ পৰে সমাজত প্ৰচলিত ডাইনী প্ৰথাৰ বিৰুদ্ধে ৰাইজক সচেষ্ট কৰি তোলা নানান কৰ্মত । প্ৰথম পদক্ষেপ হিচাপে নিজৰ জিলা গোৱালপাৰাৰ পৰা ডাইনী প্ৰথাৰ বিৰুদ্ধে নানান সভা পাতি ৰাইজক সজাগ কৰে ।গাঁৱে-ভূঞে গৈ অন্ধবিশ্বাসৰ বিৰুদ্ধে মানুহক সজাগ কৰাৰ চেষ্টা চলাইছিল।

বিৰুবালা ৰাভাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ছচিয়েল মিডিয়াত মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে, ‘‘বৰেণ্য সত্তা বীৰুবালা ৰাভা বাইদেউৰ বিয়োগৰ বাতৰিত খুবেই মৰ্মাহত হৈছোঁ ৷ ডাইনী হত্যাক সমাজৰ পৰা সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবলৈ নিৰৱচ্ছিন্নভাৱে অহোপুৰুষাৰ্থ কৰি অহা সমাজ সংস্কাৰক পদ্মশ্ৰী বীৰুবালা ৰাভা বাইদেউৰ বিয়োগ অসমৰ সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি৷ তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তিৰ অৰ্থে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ৷’’

আনহাতে,পদ্মশ্ৰী সন্মানেৰে বিভূষিতা বীৰুবালা ৰাভাৰ বিয়োগত গভীৰ শোক প্ৰকাশ ইৰাণ ভ্ৰমণৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উল্লেখ কৰে, “সমাজৰ অন্ধবিশ্বাস, কুসংস্কাৰৰ বিৰুদ্ধে অদম্য মনোবল আৰু সাহসেৰে যুঁজ দি শ্ৰদ্ধাৰ বীৰুবালা ৰাভা বাইদেৱে নাৰীশক্তিৰ নিদৰ্শন দেখুৱাই থৈ গ’ল। পদ্মশ্ৰী সন্মানেৰে বিভূষিতা বাইদেউৰ সান্নিধ্যই যিকোনো পৰিস্থিতিকে নেওচি সমাজৰ হকে নিষ্ঠাৰে কাম কৰি যাবলৈ আমাক উদ্বুদ্ধ কৰিছিল। বাইদেউৰ দেহাৱসানৰ খবৰটো পাই অত্যন্ত মৰ্মাহত হৈছোঁ। অসমৰ সমাজ জীৱনৰ বাবে তেখেতৰ বিয়োগ এক অপূৰণীয় ক্ষতি। তেখেতৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰিলোঁ আৰু শোকসন্তপ্ত আত্মীয়-স্বজনলৈ মোৰ গভীৰ সমবেদনা জনালোঁ।

আনহাতে ,প্ৰয়াত বিৰুবালা ৰাভাৰ শেষকৃত্যৰ কাম-কাজ তদাৰক কৰিবলৈ উদ্যোগ তথা বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু পৰ্যটন আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী জিএমচিএইছত উপস্থিত হৈ বিৰুবালা ৰাভাৰ নশ্বৰ দেহত ৰাষ্ট্ৰীয় পতাকা ঢাকি দি ৰাজ্য চৰকাৰৰ হৈ শ্ৰদ্ধাজ্ঞলী জ্ঞাপন কৰে ৷ একেদৰে জিএমচিএইছ কৰ্তৃপক্ষও মহীয়সী নাৰী গৰাকীলৈ শেষ শ্ৰদ্ধাজ্ঞলীৰে শেষ বিদায় জনায় ৷

উল্লেখ্য যে,পদ্মশ্ৰী বীৰুবালা ৰাভা পাৰ্থিৱ শৰীৰ তেওঁ জন্মথলীলৈ নিয়া হ’ব ৷ তাতে গোৱালপাৰা জিলা প্ৰশাসনৰ তত্ত্বাৱধানত ৰাষ্টীয় মৰ্যদাৰে শেষ কৃত্য সম্পন্ন
হ’ব ৷

Exit mobile version