Dew Care Hospital:নগাঁৱৰ ডিউ কেয়াৰ হাস্পাতালত চিকিৎসকৰ হেমাহিত ৰোগীৰ মৃত্যু

ৰোগীৰ আত্মীয়ৰ গুৰুত্বৰ অভিযোগ

dew care hospital 1

Dew Care Hospital:

নগাঁৱত চিকিৎসাৰ হেমাহিৰ বাবে মৃত্যু হ’ল এগৰাকী ৰোগীৰ ৷ চহৰৰ হয়বৰগাওঁ ধিং ৰোডৰ ব্যক্তিগত খণ্ডৰ নাছিং হোম ডিউ কেয়াৰ হাস্পাতালত চিকিৎসাধীন অৱস্থাতে এজন ৰোগীৰ মৃত্যুক লৈ আজি সংঘটিত হয় এক উত্তপ্ত পৰিস্থিতিৰ ।

মৃত্যু হোৱা ৰোগী গৰাকী ধিং ডুমডুমীয়াৰ ফজলুল হক। উল্লেখ্য যে, ডা:আৰিফুল হকৰ পৰামৰ্শক্ৰমে পৰিয়ালৰ লোকে ১৪ মে’ত ফজলুল হকক ভৰ্তি কৰিছিল ডিউ কেয়াৰত ৷ আনহাতে ৰোগীৰ অৱস্থা গুৰুত্বৰ হোৱাত ভৰ্তি কৰা হয় আইচিইউত ৷ কিন্ত ৰোগীক পৰ্যাপ্ত চিকিৎসা কৰাৰ বিপৰীতে বুধবাৰে আই পিএল খেল উপভোগ কৰিবলৈ গুৱাহাটীলৈ গুচি যায় সংশ্লিষ্ট চিকিৎসকজন ৷

পাছত আজি পুৱাভাগত আইচিইউতে শেষ নিশ্বাস ত্যাগ কৰে ৰোগী গৰাকীয়ে ৷ পৰিয়ালৰ লোকে অভিযোগ কৰা মতে চিকিৎসক ডা:আৰিফুল হকৰ চৰম হেমাহিৰ বাবে ৰোগীজনে কৰুণ মৃত্যুক সাবটি লয়।

ইতিমধ্যে পৰিয়ালৰ লোকে চিকিৎসক হকৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ প্ৰস্তুতি চলাইছে বুলি জানিব দিয়ে পৰিয়ালৰ লোকে ৷

Exit mobile version