Domestic Deposits Declined by Rs 900,000 Crore in Three Yearsতিনি বছৰত ঘৰুৱা জমাৰ পৰিমাণ ন লাখ কোটি টকা হ্রাস

দেশত মূল্যবৃদ্ধিৰ প্রকোপৰ মাজতে আন এক উদ্বেগজনক তথ্য

deposite

Domestic Deposits Declined by Rs 900,000 Crore in Three Years:

অত্যাৱশ্যকীয় সামগ্ৰীৰ চ’ৰা দামে প্রায় সকলো স্তৰৰ নাগৰিকৰ জীৱনযাত্রা জটিল কৰি তোলাৰ সময়তে আন এক উদ্বেগজনক তথ্য পোহৰলৈ আহিছে। যোৱা তিনি বছৰত বেংকত গৃহস্থী জমা ধন (হাউছ হ’ল্ড ছেভিঙছ)ৰ পৰিমাণ বৃহৎ হাৰত হ্রাস পায়।

এই তথ্য প্রকাশ কৰিছে কেন্দ্ৰীয় পৰিসংখ্যা আৰু কর্মসূচী ৰূপায়ণ মন্ত্রণালয়ে। বেংক একাউন্টত গৃহস্থী বা ঘৰুৱা জমাক লৈ পৰিসংখ্যা আৰু কৰ্মসূচী মন্ত্রণালয়ে প্রকাশ কৰিছে ৰাষ্ট্ৰীয় একাউন্ট পৰিসংখ্যা ২০২৪। এই একাউন্ট পৰিসংখ্যাৰ জৰিয়তে পোহৰলৈ অহা মতে, বিগত তিনি বছৰত বেংক একাউণ্টত গৃহস্থী জমাৰ পৰিমাণ ন লাখ কোটি টকা হ্রাস পায়। এই তিনিটা বছৰ হৈছে ২০২০-২১ৰ পৰা ২০২২-২৩ৰ বছৰকেইটা।

উক্ত সময়ছোৱাত বেংকত গৃহস্থী জমাৰ পৰিমাণ এই উদ্বেগজনক হাৰত হ্রাস পায়। পৰিসংখ্যা আৰু কৰ্মসূচী ৰূপায়ণ মন্ত্রণালয়ৰ তথ্য অনুসৰি ২০২০-২১ বিত্তীয় বর্ষত বেংকত গৃহস্থী জমাৰ পৰিমাণ আছিল ২৩.২৯ লাখ কোটি টকা। উক্ত বিত্তীয় বৰ্ষৰ পৰাই গৃহস্থী জমাৰ পৰিমাণ হ্রাস পাই আহি ২০২২-২৩ বিত্তীয় বর্ষত ১৪.১৬ লাখ কোটি টকা হয়।

২০২১-২২ত এনে জমাৰ পৰিমাণ আছিল ১৭.১৩ লাখ কোটি টকা। অর্থাৎ তিনিটা বছৰৰ ভিতৰতে গৃহস্থী জমাৰ পৰিমাণ ন লাখ কোটি টকা হ্রাস পায়। গৃহস্থী জমাৰ এনে হ্রাস বিগত পাঁচ বছৰৰ সৰ্বাধিক।

অৱশ্যে যোৱা সময়ছোৱাত দেশত মিউচুৱেল ফাণ্ডত হোৱা বিনিয়োগে আশাৰ সঞ্চাৰ কৰিছে। ২০২০-২১ বিত্তীয় বৰ্ষত মিউচুৱেল ফাণ্ডত মুঠ ৬৪, ০৮৪ কোটি টকা বিনিয়োগ হৈছিল। ২০২২-২৩ বিত্তীয় বর্ষত এই বিনিয়োগৰ পৰিমাণ ১.৭৯ লাখ কোটি টকালৈ বৃদ্ধি পায়।

একেদৰে শ্বেয়াৰ আৰু ডিবেনচাৰত গৃহস্থী বিনিয়োগৰ পৰিমাণ বৃদ্ধি পাইছে। বিগত তিনিটা বিত্তীয় বর্ষ তথা ২০২০-২১ৰ পৰা ২০২২-২৩লৈ শ্বেয়াৰ আৰু ডিবেনচাৰত গৃহস্থী বিনিয়োগ ২.০৬ লাখ কোটি টকালৈ বৃদ্ধি পায়। ২০২০-২১৩ এনে গৃহস্থী বিনিয়োগৰ পৰিমাণ ১.০৭ লাখ কোটি টকা আছিল।

Exit mobile version