Arvind Kejriwal’s Personal Secretary Arrested Delhi Police:অৰবিন্দ কেজৰিৱালৰ ব্যক্তিগত সচিবক আটক দিল্লী আৰক্ষীৰ

সাংসদ মালিৱালে তৰা গোচৰ সন্দৰ্ভত আটক বিভৱ কুমাৰক

aap oo

Arvind Kejriwal’s Personal Secretary Arrested Delhi Police:

অৱশেষত গ্ৰেপ্তাৰ হ’ল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ব্যক্তিগত সহায়ক বিভৱ কুমাৰ। আপৰ ৰাজ্যসভাৰ সাংসদ স্বাতী মালিৱালক ১৩ মে’ৰ পুৱা কেজৰিৱালৰ চৰকাৰী আৱাসগৃহত বিভৱ কুমাৰে শাৰিৰীকভাৱে প্ৰহাৰ কৰাৰ অভিযোগ উদ্থাপন কৰি গোচৰ ৰজু কৰিছিল ৷

উল্লেখ্য যে,আপৰ ৰাজ্যসভাৰ সাংসদ গৰাকীয়ে দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীক সাক্ষাৎ কৰিবলৈ যোৱাৰ সময়তে বিভৱ কুমাৰে তেওঁৰ স’তে প্ৰথমে তৰ্কাতৰ্কিত লিপ্ত হৈ পিছত শাৰিৰীকভাৱে অপদস্থ কৰা বুলি দিল্লী আৰক্ষীক অৱগত কৰিছিল ৷

আনহাতে আপৰ সাংসদ গৰাকীয়ে নিজ দলৰ মুৰব্বীৰ চৰকাৰী বাসগৃহতে মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সচিবৰ দ্বাৰা অপদস্থ হোৱাৰ ঘটনা বিয়পি পৰাৰ লগে লগে দিল্লীৰ ৰাজনীতি বতাহ গৰম হৈ পৰে ৷

আনহাতে,এই ঘটনাৰ পিছতে বিজেপিৰ নেতা- কৰ্মীৰ দলে দিল্লী মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত উত্তাল প্ৰতিবাদ কৰে ৷ আনহাতে ৰাষ্ট্ৰীয় মহিলা আয়োগেও নিজাববীয়াকৈ গোচৰ ৰজু কৰি কেজৰিৱালৰ ব্যক্তিগত সহায়ক বিভৱ কুমাৰলৈ জাৰি কৰে চমন ৷ কিন্ত এনে ঘটনাক্ৰমৰ মাজতে আজি দিল্লী আৰক্ষীয়ে আটক কৰে বিভৱ কুমাৰক ৷
উল্লেখ্য য়ে, আপৰ সাংসদ গৰাকী অপদস্থ হোৱাৰ সমস্ত ঘটনাক লৈ বৃহস্পতিবাৰে দিল্লী মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে স্বাতী মালিৱালৰ পক্ষত অৱস্থান লৈ ঘটনা তীব্ৰ গৰিহনা দিয়ে বুলি এক সংবাদমেলত সদৰি কৰিছিল আপৰ সাংসদ সঞ্জয় সিঙে ৷

কিন্ত শুক্ৰবাৰে দিল্লীৰ শিক্ষামন্ত্ৰী তথা আপৰ জ্যেষ্ঠ নেত্ৰী আতিশী মাৰ্লেনাই এক সংবাদমেল অনুষ্ঠিত কৰি সাংসদ স্বাতী মালিৱাল আৰু বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৷ এই ঘটনাত বিভৱ কুমাৰ জড়িত নহয় বুলি কৈ এইয়া বিজেপিৰ শ্ৰতলিপিত স্বাতী মালিৱালে অৰবিন্দ কেজৰিৱালৰ ভাৱমূৰ্ত্তি ম্লান কৰাৰ প্ৰচেষ্টা বুলি মন্তব্য কৰে মাৰ্লেনাই ৷ অৰবিন্দ কেজৰিৱালক টাৰ্গেট কৰিবলৈ গৈ প্ৰাৰম্ভিক পদক্ষেপ হিচাপে বিভৱ কুমাৰক বাচি লয় স্বাতী মালিৱাল আৰু বিজেপিয়ে।

আনহাতে ১৩ মে’ ত সংঘটিত হোৱা এই ঘটনা সম্পৰ্কত স্বাতীয়ে শুক্ৰবাৰে দিল্লী আৰক্ষীক দিয়া গোচৰমৰ্মে শণিবাৰে দুপৰীয়া দিল্লীৰ মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসগৃহৰ পৰা দিল্লী আৰক্ষীয়ে বিভৱ কুমাৰক প্ৰথমে আটক কৰি পিছত আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰে ৷

উল্লেখ্য যে,সাংসদ স্বাতী মালিৱালৰ বিৰুদ্ধে শুক্ৰবাৰেই অনুৰূপ গোচৰ ৰজু কৰিছিল বিভৱ কুমাৰে ৷ কিন্ত এই গোচৰ দিল্লী আৰক্ষীয়ে পঞ্জীয়ন নকৰা বুলি অভিযোগ কৰে উদ্থাপিত হৈছে।

Exit mobile version