Drinking Water Crisis in Rural Areas of the State:পুৱতি নিশাৰে পৰা কে’বাঘণ্টা শাৰী পাতি পানী সংগ্ৰহ কৰিব লাগে গঞাই

খৈৰাণীত ডেৰশটা পৰিয়ালৰ একমাত্ৰ পানীৰ উৎস, এটা কুঁৱা মাৰ্ঘেৰিটাত জল জীৱনৰ আঁচনি সম্পূৰ্ণ হোৱা সত্ত্বেও নোলাল পানী

baska

Drinking Water Crisis in Rural Areas of the State:

কেৱল গুৱাহাটীয়ে নহয়, ৰাজ্যৰ গ্রামাঞ্চলতো জটিল ৰূপ ধাৰণ ধৰিছে খোৱাপানীৰ সংকটে। ৰাজ্যৰ প্রান্তে প্রান্তে অসাৰ প্রতিপন্ন হৈছে বিয়াগোম জল জীৱন মিছন নামৰ কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনিখন।

যি সময়ত ৰাজ্যখনত জলজীৱন মিছনে গ্রামাঞ্চলৰ ৭৫ শতাংশ লোকক সামৰি লোৱা বুলি চৰকাৰী প্রতিবেদনে দাবী কৰিছে, সেই সময়তে চৰকাৰী দাবীৰ অন্তঃসাৰশূন্যতা প্রমাণিত হৈছে বাকসা জিলাৰ ভাৰত-ভূটান সীমান্ত অঞ্চলত। এফালে প্ৰচণ্ড গৰমৰে সহাবস্থান আৰু আনফালে খোৱাপানী বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে। হৈছে সীমান্তবাসী ৰাইজ।

জিলাখনৰ বাগানপাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত খৈৰাণী অঞ্চলত সৰ্বসাধাৰণ ৰাইজে এটুপি খোৱাপানীৰ বাবে ঘণ্টাৰ পাছত ঘণ্টা শাৰী পাতি থাকিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে।

উল্লেখ্য যে খৈৰাণীত জল জীৱন মিছনৰ এখন কোটিটকীয়া পানী যোগান আঁচনি নিৰ্মাণ কৰা হৈছিল যদিও এই আঁচনিখনৰ পৰা ৰাইজে আজিলৈকে পানী নাপালে। কার্যতঃ ভেঁকোভাওনাত পৰিণত হোৱা জল জীৱন মিছনৰ এই পানী যোগান আঁচনিখনৰ ব্যৰ্থতাৰ পৰিণতিত ৰাইজে এতিয়া কুঁৱাৰ পানীৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হৈছে।

পিছে কুঁৱাৰ পানী বিচাৰিও এতিয়া হাবাথুৰি খাইছে ৰাইজে। বিগত বহুদিন ধৰি অঞ্চলটোত বৰষুণ নোহোৱাত কুঁৱাৰ পানী শুকাই যোৱাৰ বাবে খোৱাপানীৰ সমস্যাই তীব্ৰ ৰূপ ধাৰণ কৰিছে। উল্লেখ্য যে খৈৰাণী অঞ্চলৰ ডেৰ শতাধিক পৰিয়ালৰ বাবে এতিয়া পানীৰ মূল উৎস হৈ ৰৈছে এটা ৰাজহুৱা কুঁৱা। ফলত পুৱতি নিশাৰে পৰা দুই-তিনি ঘণ্টা পর্যন্ত সেইসকল লোকে কুঁৱাৰ পাৰত শাৰী পাতি পানী সংগ্ৰহ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।

উল্লেখ্য যে অঞ্চলটোত জল জীৱন আঁচনিৰ অধীনত পানী যোগান কেন্দ্র এটা স্থাপন কৰা হৈছে যদিও আজিলৈকে ৰাইজে এই আঁচনিৰ পৰা পানী লাভ নকৰিলে। ফলত সংশ্লিষ্ট কুঁৱাটোৱে এতিয়া ৰাইজৰ বাবে একমাত্ৰ ভৰসাৰ থলী হৈ পৰিছে।

উল্লেখ্য যে কুঁৱাটোৰ পানীৰ ওপৰতে নিৰ্ভৰ কৰিও আন এক বিপদৰ সম্মুখীন হৈছে অঞ্চলবাসী। কিয়নো কুঁৱাটোৰ পানীত অতিমাত্রা হাৰত আছেনিক থকাৰ সূত্রে এই পানী সেৱন কৰি বিভিন্ন ৰোগত আক্রান্ত হ’বলগীয়া হৈছে ৷

Exit mobile version