Uncontrolled Price Hike in Guwahati:নিয়ন্ত্রণহীন মূল্যবৃদ্ধিঃ গুৱাহাটীত মাগুৰৰ দৰ উঠিছে দুহেজাৰ পৰ্যন্ত !

শিঙি-শিল- কুচিয়াৰ এহেজাৰৰ ঘৰত,ৰৌ- ভকুৱাৰো উর্ধ্বমুখী মূল্য

fish

Uncontrolled Price Hike in Guwahati:

আকাশলংখী মূল্যবৃদ্ধিয়ে যেন চৌদিশৰ পৰা টেটু চেপি ধৰিছে সাধাৰণ জনতাক। কি শাক-পাচলি, কি নিত্য প্রয়োজনীয় সামগ্রী; সকলোৰে চ’ৰা দামে ত্রাহি মধুসূদন সোঁৱৰাইছে নিম্ন, মধ্যবিত্ত শ্ৰেণীৰ জনতাক। প্রতিবিধ অত্যাৱশকীয় সামগ্ৰীৰ ঊর্ধ্বমুখী মূল্যবৃদ্ধি এতিয়া একোটা পৰিয়াল চলাবলৈ এশবাৰ চিন্তা কৰিবলগীয়া হৈছে। এইসকলে ঢুকি পোৱাৰ পৰা বহু সামগ্ৰী আঁতৰি গৈ অভিজাত শ্রেণীত অন্তর্ভুক্ত হৈছে; কিন্তু ইয়াৰ পাছতো মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সংশ্লিষ্ট চৰকাৰী বিভাগৰ তিলমানো সদিচ্ছা দৃষ্টিগোচৰ হোৱা নাই সাধাৰণ জনতাৰ।

উল্লেখ্য যে খাদ্য সামগ্রীৰ পৰা ধৰি জীৱনদায়িনী ঔষধলৈ, ঘৰ নিৰ্মাণ সামগ্ৰীৰ পৰা মাছ মাংসৰ বজাৰলৈ, সকলোতে সৃষ্টি হোৱা মূল্যবৃদ্ধিয়ে গভীৰ উদ্বেগৰ সৃষ্টি কৰাৰ সময়ত মাছৰ বজাৰত হোৱা নিয়ন্ত্রণহীন মূল্যবৃদ্ধিয়ে সকলো শ্রেণীৰ গ্ৰাহকৰ মূৰত ৰামটাঙোন সোধাইছে। বিশেষকৈ মহানগৰীৰ বজাৰত ব্যাপক চাহিদা থকা ৰৌ, ভকুৱা, আৰি, চিতল আদিৰ মাছৰ দাম এশৰ পৰা তিনিশ টকা পর্যন্ত বৃদ্ধি পোৱাৰ পাছত কেতবোৰ মাহৰ দাম দুগুণলৈ বৃদ্ধি পাইছে। যোরা এসপ্তাহ-১০ দিনৰ পূৰ্বে মহানগৰীৰ বজাৰত এহেজাৰ- ১২শ টকাত বিক্ৰী হোৱা প্রতি কিলোগ্রাম মাণ্ডৰ মাছৰ দাম বুহেজাৰ টকালৈ বৃদ্ধি পাইছে। প্রতি কিলোগ্রামত এহেজাৰৰ ঘৰত প্ৰৱেশ কৰিছে কুচিয়া, শিঙি, শিঙৰা, শ’ল আদি মাছৰ দামে। অৱশ্যে মহানগৰীৰ বজাৰ ভেদে এই মাছৰ দাম পৃথক।

গণেশগুৰিৰ দৈনিক বজাৰত যদি দুদিন পূর্বে প্রতি কিলোগ্রাম মাণ্ডৰ দুহেজাৰ টকাত বিক্রী হৈছিল, শিলপুখুৰীত আজিৰ দিনটোত ইয়াৰ মূল্য হৈছে ১৬-১৮শ টকা। একেদৰে কাহিলিপৰা পথৰ মাছৰ বজাৰত যদি প্রতি কিলোগ্রাম মাণ্ডৰ ১৪শ টকাত বিক্রী হৈছে, বামুণীমৈদামৰ বজাৰত একেই মাণ্ডৰ ১৫শ টকা দৰত বিক্ৰী হৈছে।

একেদৰে ঠাইভেদে কুচিয়া, শিঙি, শিঙৰা, শ’ল আদি মাছ সাতশ, আঠশৰ পৰা এহেজাৰ টকাত বিক্ৰী হৈছে একেদৰে ‘লোকেল’ বুলি বজাৰত বিক্ৰী কৰা ৰৌ, ভকুৱা, কমনকার্প, মিৰিকা আদি মাছৰ ঠাইভেদে দাম সুকীয়া আৰু এইবোৰ ৩৫০ টকাৰ পৰা ৪৫০ টকাত বিক্রী হৈছে। ‘দৈনিক অগ্রদূত’ৰ ক্ষেত্ৰভিত্তিক অভিযানত বজাৰভেদে প্রতি কিলোগ্রাম মাছত এৰ পৰা চাৰি-পাঁচশ টকা পর্যন্ত প্রভেদ পবিলক্ষিত হয়।

অৱশ্যে খুচুবা ব্যৱসায়ীসকলে এই মাছ সংগ্ৰহ কৰা উৎস গৰিষ্ঠ সংখ্যকৰে একেই। কোনো কোনো স্থানত ‘লোকেল’ মাছৰ নাটনিৰ বাবে অধিক মূল্যত ক্রয় কৰি আনিবলগীয়া হৈছে বুলি ব্যৱসায়ীসকলে দাবী কৰে যদিও গ্রাহক অনুসৰি নিজ ইচ্ছানুসাৰে যে ব্যৱসায়ীসকলে ধন সংগ্ৰহ কৰি আহিছে সেয়া বজাৰ ভেদে মূল্যৰ বৃহৎ তাৰতম্যৰ প্ৰমাণ কৰিছে; কিন্তু প্রশ্ন হৈছে এই ক্ষেত্রত ব্যবস্থা ল’ব কোনে?

মূল্যৰ তাৰতম্যক লৈ বহু সময়ত ব্যৱসায়ী আৰু গ্ৰাহকৰ মাজত বাক্-বিতণ্ডাৰো সৃষ্টি হৈছে যদিও বজাৰত মূল্য নির্ধাৰণ কৰা তথা মূল্য নিয়ন্ত্রণৰ দায়িত্বত থকা চৰকাৰী বিভাগ আছে নে নাই তাকে লৈ ৰাইজৰ মাজত প্রশ্ন উদয় হৈছে ৷ উল্লেখ্য যে মূল্য নির্ধাৰণৰ ক্ষেত্ৰত যোগান বিভাগৰহে দায়িত্ব বুলি চৰকাৰী পক্ষসমূহে দাবী কৰি আহিছে; কিন্তু এই ক্ষেত্ৰত ৰহস্যজনক মৌনতা অৱলম্বন কৰি আহিছে যোগান বিভাগে।

অৱশ্যে পুৱাই শৰীৰ চৰ্চাত ব্যক্ত হৈ ৰীলছ প্ৰস্তুত কৰি নিজৰ বাৰীৰ দুই- এবিধ শাক-পাচলি সামাজিক মাধ্যমৰ জৰিয়তে দেখুৱাই অহা বিভাগীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে মূল্যবৃদ্ধিৰ প্ৰসংগত মৌনতা অৱলম্বন কৰি অহাৰ ফলত এতিয়া এপদ এপদকৈ খাদ্য সামগ্রী অভিজাত্যৰ শাৰীত প্ৰৱেশ কৰিছে। যেন কেৱল ধনীক শ্ৰেণীৰ বাবেহে বজাৰত উপলব্ধ হৈছে সামগ্রী ৷

Exit mobile version