Assam To Experience Hot:পাৰাস্তম্ভ উঠিল ৩৮ ডিগ্রীলৈ, আজি অধিক জটিল ৰূপ ধাৰণৰ আগজাননী

প্রচণ্ড গ্রীষ্ম প্রবাহত বিপর্যস্ত জনজীৱন, বংগোপসাগৰত সৃষ্টি হোৱা নিম্নচাপৰ ফলত ৰাজ্যত ২৭ মে'ত ধুমুহা-বৰষুণৰ সতর্কবাণী

ghy 666

Assam To Experience Hot:

সহ্যাতীত গৰমৰ প্রকোপ। আকাশৰ পৰা যেন নামি আহিছে সূর্যৰূপী অগ্নিপিণ্ডহে। মধ্য আৰু দক্ষিণ ভাৰতত প্রচণ্ড গ্রীষ্ম প্রবাহে সৃষ্টি কৰা অস্থিৰ পৰিৱেশৰ হুবহু প্রতিফলনৰে আজি অসমতো গৰমে জ্বলা-কলা কৰিলে ৰাইজক। পুৱাৰে পৰা খাও খাও মূর্তি ধৰি উদিত সূৰ্যৰ পৰা নিগৰিত ৰ’দৰ প্রকোপ আজি ইমানেই ভয়ংকৰ আছিল যে গুৱাহাটীকে ধৰি ৰাজ্যৰ আটাইকেইখন চহৰতে আজি পাৰাস্তম্ভ হোৰাহোৰে ঊর্ধ্বমুখী হৈ ৩৮ ডিগ্রী ছেলচিয়াছ স্পর্শ কৰে। বৰঝাৰস্থ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্রই প্রকাশ কৰা তথ্য মতে, আজি গুৱাহাটীত সর্বোচ্চ তাপমাত্রা আছিল ৩৯ডিগ্রী । একেদৰে ডিব্ৰুগড়,, তেজপুৰত শিলচৰ,ধুবুৰী,যোৰহাট আৰু লখিমপুৰত দিনটোৰ সৰ্বোচ্চ তাপমাত্রা আছিল ৩৮ ডিগ্রী ছেলচিয়াছ।

বৰঝাৰস্থ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰা তথ্য মতে, শণিবাৰে ৰাজ্যত প্রচণ্ড গৰমে প্রাত্যহিকজনজীৱন বিপর্যস্ত কৰিব। বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা তথ্য মতে, কাইলৈ আৰু অহা ২৫ মে’তো প্রচণ্ড গৰম আৰু আৰ্দ্ৰ পৰিৱেশে প্রাত্যহিক জনজীৱন অতিষ্ঠ কৰিব। অৱশ্যে প্রচণ্ড গ্রীষ্ম প্রবাহ অব্যাহত থকাৰ সময়তে ভাৰতীয় বতৰ বিজ্ঞান বিভাগ (আইএমডি)-এ আজি সদৰী কৰিছে যে অহা ২৫ মে’ৰ পৰা ৰাজ্যবাসীয়ে প্ৰচণ্ড গৰমৰ পৰা কিছু সকাহ পাব।

আইএমডিয়ে প্রকাশ কৰা তথ্য মতে, অহা শনিবাৰে ধুবুৰী, দক্ষিণ শালমাৰা-মানকাচৰ, গোৱালপাৰা,কোকৰাঝাৰ, চিৰাং, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাত প্ৰচণ্ড ধুমুহা-বৰষুণৰ সম্ভাৱনা আছে।

আকৌ ২৬ মে’ত গোৱালপাৰা, চিৰাং, বাকত্সা, বজালী, দৰং, ওদালগুৰি, শোণিতপুৰ, লখিমপুৰ, যোৰহাট, মাজুলী, শিৱসাগৰ আৰু বৰাকৰ তিনিওখন জিলাতে ধুমুহা-বৰষুণৰ সম্ভাৱনা আছে। ২৭ মে’ত ৰাজ্যখনৰ আটাইকেইখন জিলাতে প্রচণ্ড বৰষুণ, প্রতি ঘণ্টাত ৪০-৫০ কিলোমিটাৰ বেগত ধুমুহাৰ আগজাননী দিছে আইএমডিয়ে। অৱশ্যে ইয়াৰ মাজতো ৰাজ্যখনত ঠায়ে ঠায়ে অব্যাহত থাকিব পাতলীয়া বৰষুণ।

উল্লেখ্য যে অহা ২৭ মে’ৰ পুৱা ৮-৩০ বজাৰ পৰা ২৮ মে’ৰ ৮-৩০ বজালৈ এই সময়ছোৱাত ধাৰাসাৰ বৰষুণে জনজীৱন বিপর্যস্ত কৰিব বুলি আইএমডিয়ে ‘অ’ৰেঞ্জ এলার্ট’ জাৰি কৰিছে। আইএমডিয়ে প্ৰকাশ কৰা তথ্য মতে, বংগোপসাগৰৰ দক্ষিণ-পশ্চিম অঞ্চলত সৃষ্টি হোৱা এক নিম্নচাপৰ প্ৰভাৱত অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত অহা ২৮ মে’ পর্যন্ত বৰষুণ হ’ব।

বংগোপসাগৰত সৃষ্টি হোৱা নিম্নচাপে উত্তৰ-পূব অভিমুখে ইতিমধ্যে ৰাওনা হৈছে আৰু ২৪ মে’ৰ পুৱা এই নিম্নচাপে ঘূর্ণীৰ ৰূপ লৈ ২৫ মে’ৰ পুৱা সমুদ্র উপকূলৱৰ্তী অঞ্চলত খুন্দা মাৰিব। বাংলাদেশ আৰু পশ্চিমবংগ উপকূলৰে ২৬ মে’ৰ সন্ধিয়া প্রচণ্ড শক্তিৰে অগ্ৰসৰ হ’বলগীয়া সামুদ্রিক ঘূর্ণীৰ ফলত অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত ২৭ মে’ত প্রবল বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান বিভাগে।

Exit mobile version