2.5 Lakh Indians Arrive in England:ব্রিটেইনত সর্বাধিক ২.৫ লাখ ভাৰতীয় হ’ল উপস্থিত !

england visit

2.5 Lakh Indians Arrive in England:

২০২৩ বর্ষত ব্রিটেইনত সর্বাধিক দুই লাখ ৫০ হেজাৰ ভাৰতীয় লোকে প্রৱেশ কৰিছিল। ইয়াৰে এক লাখ ২৭ হেজাৰ লোকে কর্মসংস্থাপনৰ বাবে ব্রিটেইনত উপস্থিত হৈছিল। আনহাতে এক লাখ ১৫ হেজাৰ ভাৰতীয়ই উচ্চ শিক্ষা গ্রহণ কৰিবলৈ ব্রিটেইনত উপস্থিত হোৱাৰ বিপৰীতে আন ন হেজাৰ ভাৰতীয়ই অন্যান্য কাৰণত ব্রিটেইনত বাহৰ পাতিছিল।

ভাৰতীয়ৰ পাছতে যোৱা বছৰৰ দ্বিতীয় সৰ্বাধিক এক লাখ ৪১ হেজাৰ নাইজেৰিয়াৰ নাগৰিকে ব্রিটেইনত প্ৰৱেশ কৰিছিল। আনহাতে তৃতীয় স্থানত থকা চীনৰ ৯০ হেজাৰ নাগৰিকে ২০২৩ বর্ষত উপস্থিত হৈছিল ব্ৰিটেইনত। চতুর্থ স্থানত থকা পাকিস্তানৰ পৰা যোৱা বছৰত ৮৩ হেজাৰ লোকে ব্রিটেইনলৈ গমন কৰিছিল।

২০২৩ বৰ্ষত মুঠ তিনি লাখ ৩৭ হেজাৰ লোকে ব্রিটেইনত কাম কৰাৰ বাবে ভিছা লাভ কৰিছিল। ইয়াৰে ১৮ হেজাৰ ভাৰতীয়ই কেয়াৰ বৰ্কাৰ ভিছা লাভ কৰিছিল। এই ভিছাৰ ১১ হেজাৰ আছিল নাৰ্ছ ভিছা। এক লাখ ১৪ হেজাৰ লোকে লাভ কৰিছিল গ্রেজুবেচন ভিছা আৰু ইয়াৰে ৫০ হেজাৰ ভিছা লাভ কৰিছিল ভাৰতীয়ই।

যোৱা বছৰৰ তুলনাত মার্চ ২০২৪ত ২১,৮০০ ভাৰতীয় শিক্ষার্থীয়ে স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে ব্রিটেইনলৈ যাত্রা কৰিছিল। অৱশ্যে ব্রিটেইনৰ ৰাষ্ট্ৰীয় পৰিসংখ্যা বিভাগৰ তথ্য অনুসৰি এবছৰত ব্রিটেইনলৈ গমন কৰা লোকৰ সংখ্যা ১০ শতাংশ হ্রাস পালে। ২০২২ত সাত লাখ ৬৪ হেজাৰ লোকে ব্রিটেইন গমন কৰাৰ বিপৰীতে ২০২৩ ত এই সংখ্যা ছয় লাভ ৮৫ হেজাৰলৈ হ্রাস পাইছিল। ব্রিটেইন গমন কৰা লোকসকলৰ ৮৫ শতাংশই হৈছে ইউৰোপৰ বাহিৰৰ দেশৰ নাগৰিক।

Exit mobile version