Hailakandi:হাইলাকান্দি বদলাবদলী এম ই স্কুলত অঘটন

পাঠদানৰ মাজতে শ্ৰেণীকোঠাত ঢলি পৰিল শিক্ষাৰ্থী, উৎকট গৰমৰ বাবে ঢলি পৰিল চাৰি ছাত্ৰ-ছাত্ৰী, তৎক্ষণাত ভৰ্তি কৰা হয় চিকিৎসালয়ত

hailakandi 88

Hailakandi:

মধ্য আৰু দক্ষিণ ভাৰতত প্রচণ্ড গ্রীষ্ম প্রবাহে সৃষ্টি কৰা অস্থিৰ পৰিৱেশৰ হুবহু প্রতিফলনৰে চলিত সপ্তাহটোত অসমতো গৰমে জ্বলা-কলা কৰিলে ৰাইজক। পুৱাৰে পৰা খাও খাও মূর্তি ধৰি উদিত সূৰ্যৰ পৰা নিগৰিত ৰ’দৰ প্রকোপ আজি ইমানেই ভয়ংকৰ আছিল যে গুৱাহাটীকে ধৰি ৰাজ্যৰ আটাইকেইখন চহৰতে আজি পাৰাস্তম্ভ হোৰাহোৰে ঊর্ধ্বমুখী হৈ ৪০ ডিগ্রী ছেলচিয়াছ স্পর্শ কৰে।

প্রচণ্ড গৰমৰ বাবেই বদলাবদলী এম ই স্কুলত সংঘটিত হয় এক অঘটন । শ্ৰেণীকোঠাত পাঠদান অব্যাহত থকাৰ মাজতে মজিয়াত ঢলি পৰিল চাৰি গৰাকীকৈ ছাত্ৰ-ছাত্ৰী ৷ লগে লগে আটাইকে ততাতৈয়াকৈ ভৰ্তি কৰা হয় চিকিৎসালয়ত ৷

উল্লেখ্য যে,প্ৰৱল গ্ৰীষ্মপ্ৰবাহৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগে প্ৰাথমিকৰ পৰা উচ্চতৰ মাধ্যমিকলৈ পাঠদানৰ সময় পুৱা ৭-৩০ পৰা এক বজালৈ নিৰ্ধাৰণ কৰি দিছিল ৷ ইতিমধ্যে ৰাজ্যৰ কেতবোৰ স্থানত নতুন সময়সূচী অনুসৰি আজিৰে পৰা শিক্ষানুষ্ঠান সমূহত পুৱা ৭-৩০ বজাৰে পৰা আৰম্ভ হৈছে ৷

Exit mobile version