Assam’s Irrigation System is Limited to 14 Percent of Agricultural Land:মাত্র ১৪ শতাংশ কৃষি ভূমিতে সীমাবদ্ধ অসমৰ জলসিঞ্চন ব্যৱস্থা

পথাৰত পাবলৈ নাই পানী,কেন্দ্ৰ-ৰাজ্য চৰকাৰে আবণ্টন দিয়া কোটি কোটি টকাৰ পুঁজিহে কেৱল ব্যয় হৈছে নির্বিবাদে, আৰম্ভ হৈছে খাৰিফ শস্যৰ বতৰ, আকাশলৈ চাই ৰৈছে লাখ লাখ কৃষকে

irrigation

Assam’s Irrigation System is Limited to 14 Percent of Agricultural Land:

ৰাজ্যত জলসিঞ্চন ব্যৱস্থাৰ পয়ালগা অৱস্থাৰ বাবে পথাৰত পানী বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে কৃষকে। কৃষি বিভাগৰ হিচাপ মতে চলিত মাহত ৰবি শস্যৰ বতৰ শেষ হ’ব। তাৰ পাছত জুনৰ পৰা আৰম্ভ হ’ব খাৰিফ শস্যৰ বতৰ। অৱশে চৰকাৰী এই হিচাপত কৃষক সমাজ নচলে। অধিকাংশ কৃষকে খাৰিফ শস্যৰ বাবে পথাৰত ইতিমধ্যে নামি পৰিছে,কিন্ত পানীৰ অভাৱত ছিৰাল ফাট দিয়া পথাৰত বহি সকলোৱে মূৰে কপালে হাত দিবলগীয়া হৈছে।

তদুপৰি যিসকল কৃষকে ৰবি শস্য কৰিছিল তেওঁলোকৰো বহুতে হামৰাও কাঢ়িবলগীয়া হৈছে। বিশেষকৈ মৰাপাট আৰু ধান উৎপাদক সকলৰ অৱস্থা এই ক্ষেত্রত অধিক কাহিল হৈ পৰে। কাৰণ প্ৰয়োজনীয় সময়ত বৰষুণ নহ’ল। বৰষুণৰ বিকল্প পানী যোগান ব্যৱস্থা অধিকাংশ কৃষকৰ পথাৰতে নাই।

পথাৰত পানী নথকাৰ বিপৰীতে জলসিঞ্চনৰ বাবে কোটি কোটি টকা অসমৰ নামত ব্যয় কৰা হৈছে। উদাহৰণ স্বৰূপে ২০২২-২৩ত ৰাজহ আৰু মূলধনী বাজেটৰ পৰা আবণ্টন দিয়া হয় মুঠ ১,২৫,১৭৭.২৪ লাখ টকা। ইয়াৰে ব্যয় হয় ৯৭,৮০৭.১১ লাখ টকা। আবণ্টিত ধনৰ ৯৮,৬৩০.৭৭ লাখ টকা ৰাজহ বাজেটৰ আৰু ২৬,৫৪৬.৪৭ লাখ টকা মূলধনী বাজেটৰ পৰা দিয়া হয়। এনেদৰে বছৰি ইমান বৃহৎ পৰিমাণৰ পুঁজি ব্যয় কৰা সত্ত্বেও পথাৰত পানী নথকাটো দুর্ভাগ্যজনক।

বিভাগীয় তথ্য অনুসৰি, যোৱা মাৰ্চলৈ অসমৰ জলসিঞ্চনৰ প্ৰয়োজন থকা মুঠ কৃষি ভূমিৰ মাত্র ১৪ শতাংশতহে পানী যোগান ধৰাটো সম্ভৱ হৈছে। উল্লেখ্য যে ৰাজ্যখনৰ মুঠ কৃষিভূমিৰ পৰিমাণ হ’ল ৪০.০৪ লাখ হেক্টৰ। ইয়াৰে জলসিঞ্চনৰ সম্ভাৱনীয়তা থকা ভূমিৰ পৰিমাণ হ’ল ২৭ লাখ হেক্টৰ। তথ্য অনুসৰি ৰাজ্যত থকা ১০টা বৃহৎ আৰু মজলীয়া জলসিঞ্চন প্রকল্পক বিভিন্ন শিতানত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে পুঁজি আবণ্টন দি আহিছে।

সমান্তৰালভাবে ক্ষুদ্র প্রকল্পবোৰৰ নামতো পুঁজি আবণ্টন হয়। ৰাজ্যৰ কৃষক সমাজৰ বাবে দুর্ভাগ্যৰ বিষয় এয়ে যে অসমত ৩,৯১৩ টা ক্ষুদ্র জলসিঞ্চন প্রকল্প আছে যদিও তাৰে ১,৯২০ টাহে কার্যক্ষম হৈ আছে। আকৌ ৩৪২ টাৰ নির্মাণ অসম্পূর্ণ অৱস্থাত আছে। এনে অৱস্থাৰ বাবেই জলসিঞ্চনৰ সম্ভাব্য ব্যৱস্থা আৰু কাৰ্যকৰী হোৱা ব্যৱস্থাৰ মাজত বৃহৎ পাৰ্থক্যৰ সৃষ্টি হৈছে।

বিভাগটোৰ শেহতীয়া এক প্রতিবেদনত এই উল্লেখো কৰা হৈছে যে জলসিঞ্চনৰ লগত সম্পর্কিত বিভাগৰ মাজত সমন্বয় নথকাৰ বাবেও ৰাজ্যৰ কৃষক সমাজে পথাৰত পানীৰ অভাৱত ভুগিবলগীয়া হৈছে। মূলতঃ কৃষি আৰু জলসিঞ্চন বিভাগৰ মাজতে প্রধান সম্পর্ক আছে; কিন্তু দুয়োটা বিভাগৰ মাজত প্রয়োজনীয় সম্পর্ক আজিলৈকে গঢ়ি নুঠিল।

Exit mobile version