Heat Continues to be Unbearable in the State:পাৰাস্তম্ভ নামিলেও আছে অসহ্যকৰ গৰম

নিশাৰে পৰা ৰাজ্যত অব্যাহত থকা কিনকিনীয়া বৰষুণে দিলে সাময়িক সকাহ, ৰাজ্যিক চিৰিয়াখানাৰ বাঘ, সিংহ, ভালুকক খুওৱা হৈছে আইচক্রিম-অ'আৰএছ, প্রতিটো গঁৰালতে ফেনৰ বতাহ দিয়া হৈছে, জীৱ-জন্তুক দিনটোত দুই-তিনিবাৰ পৰ্যন্ত পানী সলনি কৰি স্বস্তি প্রদান জলহস্তীক

assam zoo

Heat Continues to be Unbearable in the State:

বিগত কেইদিনত প্রচণ্ড গ্রীষ্ম প্রবাহে অতিষ্ঠ কৰি তোলাৰ পিছত আজি পুৱতি নিশাৰে পৰা অব্যাহত থকা কিনকিনিয়া বৰষুণে ৰাজ্যবাসীক দিলে সাময়িক সকাহ ৷ উল্লেখ্য যে,দেওবাৰৰ তুলনাত পাৰাস্তম্ভ সামান্য নিম্নগামী হ’লেও গৰম প্ৰকোপ অব্যাহত আছে । প্রখৰ ৰ’দ আৰু গৰমে বিপর্যস্ত কৰিছে গুৱাহাটীস্থ অসম ৰাজ্যিক চিৰিয়াখানাত থকা জীৱ-জন্তবোৰকো ৷

পৰিস্থিতি এনে পর্যায়ত উপনীত হৈছে যে চিৰিয়াখানাত থকা একাংশ হিংস্ৰ বন্য জীৱ- জন্তক গৰমৰ পৰা পৰিত্ৰাণ দিবলৈ চিৰিয়াখানা কর্তৃপক্ষই বিশেষভাৱে প্রস্তুত কৰা আইচ’ক্রিম খুৱাবলৈ বাধ্য হৈছে।

উল্লেখ্য যে ,শণিবাৰে ৰাজ্যত সর্বোচ্চ তাপমাত্রা ৪০.১ ডিগ্রীৰ বিপৰীতে দেওবাৰে তাপমান সামান্য পৰিমাণে হ্রাস পাই ৩৮ ডিগ্রী হয়। তাৰ মাজতে সাময়িক সকাহ হিচাপে নিশাৰে পৰ গুৱাহাটী সহ ৰাজ্যৰ প্ৰায়বোৰ অঞ্চলত অব্যাহত থকা কিনকিনিয়া বৰষুণে কিছু হ’লেও শাত পেলাইছে সকলোকে ৷

আনহাতে আর্দ্রতা অধিক থকাৰ বাবে দেওবাৰে ৰাজ্যবাসীয়ে প্রায় ৪৫ ডিগ্রী চেলছিয়াছৰ সমহাৰৰ গৰম অনুভৱ কৰে ৷ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্রকাশ কৰা তথ্য মতে, গুৱাহাটীত দেওবাৰে সর্বাধিক তাপমাত্রা ৩৮ ডিগ্রীলৈ অৱনমিত হয়। আজি গুৱাহাটীত তাপমাত্ৰা আছিল ২৯ ডিগ্রী চেলছিয়াছ

ইফালে, দেওবাৰৰ দিনটোত শিলচৰত ৩৯.৪ ডিগ্রী চেলছিয়াছ, তেজপুৰত ৩৮.৪ ডিগ্রী, ডিব্ৰুগড়ত ৩৭ ডিগ্রী, ধুবুৰীত ৩৬.৭ ডিগ্রী, যোৰহাটত ৩৭.২ ডিগ্রী, লখিমপুৰত ৩৭ ডিগ্রী আৰু মাজবাটত তাপমাত্ৰাৰ হাৰ আছিল ৩৮.২ ডিগ্রী চেলছিয়াছ। সামগ্রিকভাৱে ৰাজ্যখনত দেওবাৰৰ দিনটোৰ তাপমাত্ৰাৰ হাৰ হ’ল ৩৭ ডিগ্রী চেলছিয়াছ আৰু সর্বনিম্ন ২৭ ডিগ্রী চেলছিয়াছ হোৱাৰ বিপৰীতে আজি ২৯ ডিগ্ৰী চেলছিয়াছ হয় ৰাজ্যত

$ গুৱাহাটীস্থ অসম ৰাজ্যিক চিৰিয়াখানাৰ বাঘ-সিংহ-ভালুকক খুৱাইছে আইচক্রিম-অ’আৰএছ:

প্রচণ্ড গৰম সহিব নোৱাৰি উচপিচাই থকা চিৰিয়াখানাৰ জীৱ-জন্তুসমূহলৈ আগবঢ়োৱা হৈছে বিশেষ সুবিধা। বিগত তিনিদিন ধৰি গৰম সহ্য কৰিব নোৱৰা চিৰিয়াখানৰ বাঘ, সিংহ আৰু ক’লা ভালুককেইটাক নিয়মীয়াকৈ খুওৱা হৈছে আইচক্রিম। অসম ৰাজ্যিক চিৰিয়াখানাত কৰ্মৰত পশু চিকিৎসক ডাঃ প্রণৱ দাসে ‘দৈনিক অগ্রদূত’ক জনোৱা মতে, চিৰিয়াখানাৰ জীৱ-জন্তুসমূহৰ বাবে এই কেইদিন বিশেষ ব্যৱস্থা গ্রহণ কৰা হৈছে। সকলো জীৱ-জন্তুৰে গঁৰালত জৰুৰীকালীনভাবে ফেনৰ ব্যৱস্থা কৰা হৈছে।

সন্ধিয়া পাঁচ বজাৰ লগে লগে সকলো জীৱ-জন্তুকে গঁৰালত আবদ্ধ কৰি ফেনৰ তলত থকাৰ ব্যৱস্থা কৰা হৈছে। ইফালে, চিৰিয়াখানাত থকা জলহস্তীকেইটাক গৰমৰ পৰা বচাই ৰাখিবলৈ দিনটোত দুই-তিনিবাৰ পর্যন্ত পুখুৰীৰ পানী সলাই দিয়াৰ ব্যৱস্থা কৰা হৈছে। আকৌ গৰমৰ সময়ত জীৱ- জন্তুক ‘হাইড্রেট’ কৰি ৰখাৰ স্বাৰ্থত চিৰিয়াখানা কর্তৃপক্ষই অ’আৰএছ, পটাছিয়াম, ছ’ডিয়াম আদিৰে বিশেষভাবে প্ৰস্তুত কৰা আইচক্রিম খুওৱা হৈছে।

বিশেষকৈ বাঘ, সিংহ আৰু ক’লা ভালুকক দিনটোত দুই-তিনিবাৰ পৰ্যন্ত আইচক্রিম যোগান ধৰা হৈছে। আন জীৱ-জন্তুসমূহকো অ’আৰএছ তথা অন্যান্য পৰিপূৰক খাদ্য যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে। পশু চিকিৎসক ডাঃ দাসে জনায় যে গৰমৰ দিনকেইটাত জীৱ-জন্তুসমূহৰ বাবে এইবাৰ প্ৰতিদিনে বিশেষ কার্যপন্থা গ্রহণ কৰা হৈছে, যাতে অস্বাভাৱিক গৰমৰ ফলত জীৱ-জন্তুৰ স্বাস্থ্যৰ অৱস্থাৰ অৱনতি নঘটে।

Exit mobile version