Remal is Coming:আহিছে ৰেমাল, প্ৰৱল বৃষ্টিপাতৰ সতর্কবাণী

সামুদ্রিক ঘূর্ণীয়ে পশ্চিমবংগ-বাংলাদেশত চলাব পাৰে তাণ্ডৱ প্ৰভাৱ পৰিব অসমতো, তিনিদিন ধৰি বৰষুণৰ আগজাননী প্ৰচণ্ড গৰমৰ পৰা এইবাৰ সকাহ পাবনে ৰাজ্যবাসীয়ে?

remal 1

Remal is Coming:

পাৰান্তস্তই ৪০.১ ডিগ্রী ছেলডিয়াছ স্পর্শ বৰাৰ সময়তে স্বস্তিৰ বতৰা কঢ়িয়াইছে এজাক সামুদ্রিক ঘূর্ণীয়ে। চুবুৰীয়া পশ্চিমবংগ আৰু বাংলাদেশৰ বাবে বিপদৰ আগলি বতৰা কঢ়িওৱা সামুদ্রিক ঘূর্ণী ‘ৰেমাল’ৰ আগমনে অসমতো বৰষুণ কঢ়িয়াই আনিব বুলি ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (আইএমডি)-এ দেওবাৰে পূর্বানুমান কৰিছিল ৷ সেইয়া সত্য প্ৰমাণিত হয় । দেওবাৰে নিশাৰে পৰা গুৱাহাটী সহ ৰাজ্যৰ প্ৰায়বোৰ অঞ্চলত অব্যাহত আছে কিনকিনিয়া বৰষুণ

উল্লেখ্য যে, বংগোপসাগৰৰ পৰা উত্তৰ-পূব অভিমুখে ধাবমান হোৱা ৰেমালে প্রতি ঘণ্টাত ১৬০ কিলোমিটাৰ বেগত পশ্চিমবংগৰ দক্ষিণ-পূর্ব প্রান্ত আৰু চুবুৰীয়া বাংলাদেশৰ ফেলুপাৰা অঞ্চলত প্রতি ঘণ্টাত ১৮০ কিলোমিটাৰ বেগত তাণ্ডৱ চলাব বুলি আইএমডিয়ে সর্বোচ্চ সতর্কতা জাৰি কৰিছে।

সম্প্রতি মহাসমুদ্রৰ বুকুত সৃষ্টি হোৱা সামুদ্রিক ঘূর্ণীজাকে ১২০ কিলোমিটাৰ বেগেৰে শক্তিৱন্ত হৈ উঠিছে। আইএমডিয়ে সদৰী কৰা মতে, দেওবাৰে নিশা পশ্চিমবংগ আৰু বাংলাদেশৰ সীমান্তৱতী অঞ্চলত খুন্দা . মাৰিবলগীয়া ৰেমালে সমুদ্রপৃষ্ঠৰ পৰা আহি ভূপৃষ্ঠত অৱতৰণৰ লগে লগে বতাহৰ গতিবেগ আৰু অধিক বৃদ্ধি পাব।

আইএমডিয়ে পশ্চিমবংগত দেওবাৰে নিশাৰে পৰা অতি প্ৰবল বৰষুণৰ লগতে ধুমুহাৰ আগজাননী দিয়াৰ উপৰি ওড়িছাতো ইয়াৰ প্ৰভাৱ পৰিব বুলি সদৰী কৰিছে। ইয়াৰ সমান্তৰালকৈ ৰেমালৰ প্ৰভাৱত অহা ২৭ আৰু ২৮ মে’ত অসমৰ লগতে মিজোৰাম, ত্ৰিপুৰা, দক্ষিণ মণিপুৰ, মেঘালয়, অৰুণাচল, নগালেণ্ডতো প্রবল বৰষুণৰ সতর্কবাণী জাৰি কৰিছে। অহা দুদিনত অসমত ঠায়ে ঠায়ে ২০ ছেন্টিমিটাৰতকৈও অধিক বৰষুণৰ আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

ইফালে, ২৭ মে’ত অর্থাৎ কাইলৈ অসমত প্রতি ঘণ্টাত ৪০-৫০ কিলোমিটাৰ বেগত ধুমুহাৰ সৃষ্টি হ’ব বুলি আইএমডিয়ে আজি অসমৰ কে’বাখনো জিলাত ‘ৰেড এলার্ট’ জাৰি কৰিছে। উল্লেখ্য যে সামুদ্রিক ঘূর্ণীজাকৰ ফলত চুবুৰীয়া পশ্চিমবংগত বৃহৎ ক্ষয়-ক্ষতিৰ আশংকা কৰা হৈছে আৰু আজিৰে পৰা দুদিন ধৰি সাগৰত মাছ ধৰিবলৈ নাযাবলৈ মাছমৰীয়াসকলক জৰুৰী নির্দেশ দিয়া হৈছে।

আইএমডিয়ে  প্রকাশ কৰা সতৰ্কবাণী অনুসৰি,  অসমত বৰষুণৰ ফলত দৃশ্যমান হ্রাস পোৱাৰ লগতে প্রবল বৰষুণে অঞ্চলভেদে কৃত্রিম বানপানীৰো সৃষ্টি কৰিব পাৰে। এই সময়ছোৱাত ভূমিস্খলন আৰু বজ্রপাতৰো আগজাননী দিছে আইএমডিয়ে। উল্লেখ্য যে আজিৰ পৰা অসমত সামুদ্রিক ঘূর্ণীৰ প্ৰভাৱত ঠাই ভেদে দুর্যোগৰ সৃষ্টি হোৱাৰ আশংকা কৰি আগতীয়া সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰিবলৈ ভাৰতীয় বতৰ পূর্বানুমান বিভাগে  অসমৰ মুখ্য সচিবলৈয়ো বার্তা প্ৰেৰণ কৰিছে।

ৰেমালৰ প্ৰভাৱত ৰাজ্যখনৰ গোৱালপাৰা, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ জিলাত প্রবলৰ পৰা অতি প্ৰবল বৰষুণ (৬৪.৫-২০৮.৮ মিলিমিটাৰ পৰ্যন্ত) হ’ব বুলি আইএমডিয়ে আজি এই জিলাকেইখনত ‘ৰেড এলার্ট’ জাৰি কৰিছে। এই সময়ছোৱাত প্রতি ঘণ্টাত ৪০-৫০ কিলোমিটাৰ বেগত ধুমুহাৰো সতৰ্কবাণী দিয়া হৈছে। সংশ্লিষ্ট জিলাকেইখনৰ উপৰি ৰাজ্যখনৰ প্ৰতিখন জিলাতে বিজুলী, ঢেৰেকনিসহ পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ আগজাননী দিয়া হৈছে। কাইলৈৰ দিনটোত ধুবুৰী, দক্ষিণ শালমাৰা-মানকাচৰ আৰু বঙাইগাঁও জিলাতো ৰেমালৰ প্ৰভাৱত বতৰে জটিল ৰূপ ধাৰণ কৰিব বুলি সতৰ্ক কৰি দিছে।

ইফালে, ২৮ মে’তো চিৰাং, বাসা, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাত অতি প্ৰবল বৰষুণৰ লগতে বিজুলী-ঢেৰেকনিয়ে পৰিস্থিতি জটিলতৰ কৰিব বুলি ‘ৰেড এলার্ট’ জাৰি কৰা হৈছে। আকৌ উক্ত দিনা কোকৰাঝাৰ, বঙাইগাঁও, বজালী, তামুলপুৰ, বৰপেটা, নলবাৰী, মৰিগাঁও, নগাঁও, হোজাই, পশ্চিম কাৰ্বি আংলং জিলাত বজ্রপাতৰ স’তে প্ৰবল বৰষুণৰ ‘য়েল’ এলার্ট’ জাৰি কৰিছে আইএমডিয়ে। আকৌ ২৯ মে’তো ৰাজ্যখনৰ প্ৰায় সকলো ঠাইতে বিজুলী- ঢেৰেকনিসহ পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ লগতে দুই-এঠাইত বজ্রপাতৰ সম্ভাৱনাৰে ‘য়েল’ এলার্ট‘ জাৰি কৰা হৈছে।

৩০ মে’তো ৰাজ্যৰ আটাইকেইখন জিলাতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ আগজাননী দিছে আইএমডিয়ে। ইফালে, বৰঝাৰস্থ আঞ্চলিক বতৰ পূর্বানুমান কেন্দ্ৰই আজি ৰেমালৰ আগমন প্রসংগত এক বিবৃতিযোগে কয় যে উত্তৰ বংগোপসাগৰত সৃষ্টি হোৱা সাগৰীয় ঘূর্ণী বতাহ ৰেমালে আজি দিনৰ ১১-৩০ বজাত বাংলাদেশৰ খেপুপাৰাৰ পৰা ২২০ কিলোমিটাৰ দক্ষিণ-পশ্চিমত আৰু পশ্চিমবংগৰ কেনিঙৰ ২৩০ কিলোমিটাৰ দক্ষিণ-পূবত অৱস্থান কৰি উত্তৰ দিশে অগ্ৰসৰ হৈছে।

আজি মাজনিশা পশ্চিমবংগৰ সাগৰ দ্বীপ আৰু বাংলাদেশৰ উপকূলীয় অঞ্চল মংলা অতিক্ৰম কৰাৰ সম্ভাৱনা আছে। বেমালৰ পার্শ্বক্রিয়াত অসমত অতি প্ৰবল বৰষুণৰ সম্ভাৱনা জাৰি কৰি পৰৱৰ্তী ২৪ ঘণ্টাত ঠাই বিশেষে প্রতি ঘণ্টাত ৪০-৫০ কিলোমিটাৰ বেগত বতাহ বলাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰিছে।

উল্লেখ্য যে আইএমডিৰ সতর্কবাণীৰ পাছতে কৰিমগঞ্জ আৰু বঙাইগাঁও জিলা প্রশাসনে দেওবাৰে সংশ্লিষ্ট জিলাবাসীক পৰৱৰ্তী ২৪ ঘণ্টাৰ বাবে সাবধানে থাকিবলৈ সতর্কবাণী জাৰি কৰিছে। কৰিমগঞ্জ জিলা প্রশাসনে জিলাখনত দুৰ্যোগৰ মোকাবিলা কৰিবলৈ সকলো আগতীয়া ব্যৱস্থা গ্রহণৰ লগতে এই সময়ছোৱাত জনসাধাৰণক পৰাপক্ষত ঘৰতে থাকিবলৈ আহ্বান জনাইছে।

জিলাখনত দেওবাৰে সন্ধিয়াৰে পৰা ঘূর্ণীৰ প্ৰভাৱত আৰম্ভ হৈছে ধুমুহা-বৰষুণ। নিশা পৰিস্থিতি অধিক জটিল হোৱাৰ আশংকা কৰি জিলা প্রশাসনে বিয়লিৰে পৰা সমগ্র জিলাখনতে বিদ্যুৎ সংযোগ কর্তন কৰিছে। ধুমুহা বৰষুণৰ সময়ত যাতে কোনো হানি-বিঘিনি নহয়, সেয়া নিশ্চিত কৰিবলৈ আগতীয়া সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰিছে।

ইফালে, বঙাইগাঁও জিলা প্রশাসনেও জিলাখনৰ মাজেৰে পাৰ হৈ যোৱা ধুমুহা-বৰষুণৰ বাবে নদীত মাছ মৰা কার্যত নিষেধাজ্ঞা আৰোপৰ লগতে সৃষ্টি হ’ব যিকোনো পৰিস্থিতিৰ বাবে সাজু হৈ থাকিবলৈ ৰাইজক আহ্বান জনাইছে।

Exit mobile version