Heroin Seized In Meghalaya:মেঘালয়ত নৈশ বাছত বুজণ পৰিমাণৰ হেৰ’ইন সহ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

meghalaya heroin seized

Heroin Seized In Meghalaya:

মেঘালয়ত নৈশ বাছত বুজণ পৰিমাণৰ হেৰ’ইন সহ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ | শিলচৰৰ পৰা গুৱাহাটী অভিমুখী এখন নৈশ বাছত যোৱা নিশা বিশেষ খবৰৰ ভিত্তিত ইষ্ট জয়ন্তীয়া হিলচ জিলাৰ লঙমছুং থানাৰ আৰক্ষীয়ে অৰ্তকিতে অভিযান চলাই জব্দ কৰে ৪৫৮ গ্ৰাম হেৰ’ইন ।

হেৰ’ইন খিনি ৪২ টা চাবোনৰ বাকচত সংগোপনে অনা হৈছিল ৷ হেৰ’ইন সৰবৰাহ কৰাৰ অভিযোগত বাছ খনত অহা আব্দুল কুদ্দুছ লস্কৰ নামৰ সৰবৰাহকাৰীজনক গ্ৰেপ্তাৰ কৰা হয়। আটকাধীন সৰবৰাহকাৰীটোৰ ঘৰ কাছাৰ জিলাৰ সোণাই হাতিৰহাৰৰ ছিংগেৰবন্দত। ধৃত আব্দুলক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে লুমছুঙ থানাৰ আৰক্ষীয়ে ।

Exit mobile version