Union Minister Sarbananda Sonowal Visit Assam Pradesh HQ:
বিগত ১০ বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত বিজেপি চৰকাৰে দেশৰ সৰ্বাংগীণ বিকাশ সাধন কৰাৰ বাবেই দেশৰ জনতাৰ অফুৰন্ত মৰম-সঁহাৰি, আন্তৰিকতা বুটলিবলৈ সক্ষম হৈছে। ভাৰতবাসীৰ অকুণ্ঠ সমর্থনেৰে আহি আছে মোদী ৩.০ । সৰ্বস্তৰৰ ৰাইজৰ ব্যাপক উৎসাহ-সমর্থনৰ ফলশ্ৰুতিত এইবাৰৰ লোকসভা নির্বাচনত এনডিএ-ই কৰিব ৪০০ পাৰ, অসমত প্রায় নিশ্চিত ১২ খন আসন।
কেন্দ্রীয় মন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা সৰ্বানন্দ সোণোৱালে আজি ভাৰতীয় জনতা পার্টি অসম প্ৰদেশৰ গুৱাহাটীৰ বশিষ্ঠস্থিত মুখ্য ৰাজ্যিক কাৰ্যালয়ত উপস্থিত হয় আৰু দলীয় কার্যকৰ্তাসকলৰ সৈতে বৈঠকত মিলিত হৈ লোকসভা নিৰ্বাচনৰ বিভিন্ন দিশৰ পৰ্যালোচনা কৰে। তাৰপাছতেই তেখেতে এখন সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে ৷
সোণোৱালে কয়, “ভাৰতক বিশ্বৰ তিনি অর্থনৈতিক মহাশক্তিধৰ দেশৰ ভিতৰত অন্তর্ভুক্ত কৰাটো বিজেপি চৰকাৰৰ এতিয়া দৃঢ় লক্ষ্য। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত এই দিশত সৱল ভূমিকা ল’বলৈ আমি দৃঢ়প্রতিজ্ঞ বিগত বছৰবোৰত মোদী লহৰেৰে অসমৰ চৌদিশ উজ্জীৱিত হৈউঠিছে আৰু অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নে এক নতুন শিখৰত আৰোহণ কৰিছে বুলি সোণোৱালে উল্লেখ কৰে।তেখেতে কয়- অসমবাসীৰ পূৰ্ণ সঁহাৰি-সমৰ্থনেৰে অপ্ৰতিৰোধ্য বিজেপি মিত্রজোঁট।
মোদীয়ে সকলো প্ৰত্যাহ্বান দূৰ কৰি উন্নয়ন, শাসন প্ৰক্ৰিয়াত স্বচ্ছতা আৰু সৰ্বস্তৰৰ ৰাইজৰ সবলীকৰণৰ এক নতুন দিগন্তৰ সূচনা কৰিবলৈ সক্ষম হৈছে। আমাৰ চৰকাৰে বিগত ১০ বছৰত ভাৰতৰ উন্নয়নৰ ৰূপৰেখা সলনি কৰি এক নৱজাগৰণৰ সৃষ্টি কৰিছে, যাৰ বাবে সৰ্বস্তৰৰ জনতাৰ আস্থা-বিশ্বাস মোদী চৰকাৰৰ ওপৰত পূর্ণোদ্যমে অটুট আছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কল্পনা কৰা অনুসৰি ২০৪৭ চনৰ ভিতৰত এখন আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যত উপনীত হ’বলৈ আমি সকলোৱে ঐক্যবদ্ধভাৱে কাম কৰি এখন বিকশিত ভাৰত গঢ়াৰ পণ লওঁ আহক।
সৰ্বস্তৰৰ ৰাইজে হিলদল ভাঙি বিজেপি নেতৃত্বাধীন এনডিএ-ৰ প্রতি আগবঢ়োৱা অকুণ্ঠ সহযোগিতা, সমৰ্থন আৰু সঁহাৰিৰ বাবে সোণোৱালে জনতা জনার্দনৰ প্ৰতি মূৰ দোঁৱাই গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰে আৰু লগতে এই বিগত সময়ছোৱা কৰা কঠোৰ পৰিশ্ৰম, সমর্পিত সেৱা আৰু দলৰ সাংগঠনিক সশক্তিকৰণৰ বাবে বিজেপিৰ কাৰ্যকৰ্তাসকলক বিশেষকৈ কৃতজ্ঞতা জ্ঞাপন কৰে।
আনহাতে বিৰোধীৰ নিৰ্বাচনী কার্যকলাপ সন্দৰ্ভত তেখেতে কয়, “বিৰোধীয়ে দেশৰ হিতৰ বাবে শক্তিশালী ভূমিকা লোৱাত বিফল হৈছে। জনস্বার্থ বিৰোধী কার্যকলাপত লিপ্ত থকাৰ বাবেই তেওঁলোকে জনতাৰ সমৰ্থন হেৰুৱাইছে । এতিয়া খবৰৰ শিৰোনামত থাকিবলৈ তেওঁলোকে হকে-বিহকে কিবা-কিবি কৈ থাকে, যাক ৰাইজে কোনো গুৰুত্বই নিদিয়ে । সমগ্র দেশবাসীৰ লগতে অসমৰ জনগণো ৰাজনৈতিকভাৱে সজাগ আৰু সচেতন। সেয়ে শান্তি, সমৃদ্ধি আৰু প্ৰগতিৰ বাবে বিজেপি নেতৃত্বাধীন এনডিএ-ক ৰাইজে হিয়া উজাৰি সমৰ্থন দিছে।
আজি সর্বানন্দ সোণোৱালৰ সৈতে উপস্থিত থাকে বিজেপি অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতা, ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা, দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক দিপ্লু ৰঞ্জন শর্মা প্রমুখ্যে দলীয় বিষয়ববীয়াসকল ।