BJP Leader’s Son Arrested in Hojai:
হাতত AK47 লৈ সামাজিক মাধ্যমত ভাইৰেল হৈছিল হোজাই এগৰাকী বিজেপি নেত্ৰীৰ পুত্ৰ ৷ কিন্ত এই ভাইৰেল ভিডিঅ’ৰ পাছতে তৎপৰ হৈ পৰে হোজাই আৰক্ষী ৷
হোজাইৰ বিজেপিৰ সংখ্যালঘূ মৰ্চাৰ নেত্ৰী নীলিমা খাতুনৰ পুত্ৰ ৰিয়াজ হুছেইনে হাতত উদ্যত একে ফৰটি ছেভেন লৈ সামাজিক মাধ্যমক ভিডিঅ ভাইৰেল কৰিছিল ৷
এই ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে হোজাইত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। বিভিন্নজনে এই কাৰ্যক অক্ষমণীয় অপৰাধ বুলি অভিহিত কৰি ৰিয়াজৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱাৰ দাবী কৰে ৷ ইয়াৰ পিছতে হোজাই আৰক্ষী তৎপৰ হৈ পৰে ৷
ভিডিঅ’ ভাইৰেলৰ পিছৰে পলাতক হৈ আছিল ৰিয়াজ ৷ অৱশেষত বিশেষ খবৰৰ ভিত্তিত গুৱাহাটীৰ হাতীগাঁৱৰ এটা ফ্লেটত আত্মগোপন কৰি থকা ৰিয়াজক যোৱা নিশা মহানগৰ আৰক্ষীৰ সহযোগত হোজাই আৰক্ষীয়ে আটক কৰে ৷
উল্লেখ্য যে,মাতৃ শাসকীয় দলৰ এগৰাকী নেত্ৰী হোৱাৰ সুবাদতে ৰিয়াজে বিভিন্ন অপৰাধমূলক কাৰ্য সংঘটিত কৰি অহাৰ অভিযোগ উদ্থাপিত হৈছিল ৷ হোজাই আৰক্ষীয়ে ধৃত ৰিয়াজ হুছেইনৰ বিৰুদ্ধে অবৈধ অস্ত্র, ড্রাগ্ৰছ সৰবৰাহৰ গোচৰ ৰজু কৰিছে ৷