Loksabha Election Last Polling:আজি দেশত লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ

Loksabha Election Last Polling:আজি দেশত লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ ৭ ৰাজ্য, এখন কেন্দ্ৰীয়শাসিত ৰাজ্যত ভোটগ্ৰহণ

today poll

Loksabha Election Last Polling:

আজি দেশত লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ ৭ ৰাজ্য, এখন কেন্দ্ৰীয়শাসিত ৰাজ্যত পুৱা ৭ বজাৰ পৰা শান্তিপূৰ্ণভাৱে আৰম্ভ হৈ আছে ৷

৮ ৰাজ্যৰ ৫৭টা সমষ্টিত ৯০৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী হ’ব ইভিএমত ৷ বাৰাণসীত নিৰ্ধাৰণ হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তা ৷ সমষ্টিটোৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছে মোদী ৷

আনহাতে আজি নিৰ্বাচনত অৱতীৰ্ণ হোৱা আন হাই প্ৰফাইল প্ৰাৰ্থী সকল হ’ল ভোজপুৰী ফিল্মষ্টাৰ ৰবি কিষান( গোৰখপুৰ,বিজেপি), প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰবি শংকৰ প্ৰসাদ( পাটনা চাহিব,বিজেপি), বলীউডৰ মোহময়ী অভিনেত্ৰী কংগনা ৰাণাৱট(মাণ্ডি,বিজেপি),মনীষ তিৱাৰী(চণ্ডীগড়,কংগ্ৰেছ),আফজল আনচাৰী( গাজীপুৰ,সমাজবাদী পাৰ্টি), ভোজপুৰী ষ্টাৰ পৱন সিং(কাৰগট) |

বিয়লী ১ বজালৈকে সপ্তম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটদানৰ হাৰ হৈছে ৪০.০৯ শতাংশ | একেদৰে বিয়লি এক বজালৈকে বিহাৰত ভোটদানৰ হাৰ হৈছে ৩৫.৬৫শতাংশ। চণ্ডীগড়ত ৪০.৪০শতাংশ, হিমাচলত ৪৮.৬৩শতাংশ, ঝাৰখণ্ডত ৪৬.৮৮ শতাংশ, ওড়িশাত ৩৭.৬৪ শতাংশ, পাঞ্জাৱত ৩৭.৮০শতাংশ, উত্তৰ প্ৰদেশত ৩৯.৩১ শতাংশ আৰু পশ্চিম বংগত ৪৫.০৭শতাংশ ভোটদান সাব্যস্ত হৈছে।

উল্লেখযোগ্য যে, আজি অন্তিম পর্যায়ত বিহাৰত মুঠ ৪০ খন আসনৰ ৮ খন,হিমাচল প্ৰদেশৰ ৪ খনৰ চাৰিখন,ঝাৰখণ্ডৰ ১৪ খন আসনৰ ৩ খন,ওড়িশাৰ ২১ খন আসনৰ ৬ ,পঞ্জাৱৰ ১৩ খন আসনৰ ১৩ খন,উত্তৰ প্ৰদেশ ৮০ খন আসনৰ ১৩ খন,পশ্চিমবংগৰ ৪২ খন আসনৰ ৯ আৰু চণ্ডীগড়ৰ ১খন সংসদীয় আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হৈছে।

Exit mobile version