Udalguri:ভোগণনালৈ মাজত মাথো দুটা দিনঃ ওদালগুৰিত তিনিকোণীয়া যুঁজৰ সম্ভাৱনা

ষ্ট্ৰং ৰুমত আৱদ্ধ ওদালগুৰিৰ ১১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য, দৰং-ওদালগুৰিৰ চাৰি কেন্দ্ৰত মঙ্গলবাৰে অনুষ্ঠিত হ'ব ভোটগণনা

udalguri

Udalguri :

ওদালগুৰি ৩১ মেঃ যোৱা ২৬ এপ্ৰিলত অনুষ্ঠিত হৈ যায় ৪-নম্বৰ দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ ভোটগ্ৰহণ। সমষ্টিটোত এইবেলি ওদালগুৰি, দৰং, কামৰূপ আৰু বাক্সা জিলাৰ মুঠ ১১ টাকৈ বিধানসভা সমষ্টি সামৰি লৈছে।

লোকসভা সমষ্টিটোৰ নিৰ্বাচন পৰিচালনাৰ বাবে ওদালগুৰি জিলাখনক নডেল জিলা হিচাপে গঠন কৰি লোকসভা সমষ্টিটোৰ সমগ্ৰ কাম-কাজ ওদালগুৰি জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰাই পৰিচালনা কৰা হৈছে। অহা ৪ জুন তাৰিখে সমগ্ৰ লোকসভা সমষ্টিটোৰ চাৰিটা স্থান ক্ৰমে ওদালগুৰি জিলা আয়ুক্ত কাৰ্যালয়, দৰং জিলাৰ বাবে মঙ্গলদৈ মহাবিদ্যালয়, কামৰূপ জিলাৰ বাবে ৰঙিয়া মহকুমাধিপতিৰ কাৰ্যালয় আৰু বাক্সা জিলাৰ বাবে মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় ভোট গণনা কেন্দ্ৰত পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হ’ব ভোটগণনা।

উল্লেখ্য যে সমগ্ৰ লোকসভা সমষ্টিটোৰ পোষ্টেল বেলটৰ ভোটগণনা এইবাৰ ওদালগুৰি জিলা আয়ুক্ত কাৰ্যালয়ত সম্পন্ন হব। ৪ নম্বৰ দৰং-ওদালগুৰি লোকসভা সমষ্টিত এইবাৰ ভোটদানৰ হাৰ আছিল ৮২.০১ শতাংশ। এইবাৰ দৰং ওদালগুৰি লোকসভা সমষ্টিৰ ১১ টাকৈ বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা আছিল ২১,৮৭,১৬০ গৰাকী।

ইয়াৰ ভিতৰত ১৮,১১,৭৬৪ গৰাকী ভোটদাতাই ভোটদান কৰিছিল। লোকসভা সমষ্টিটোৰ বাবে মুঠ ১১ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। ইয়াৰ ভিতৰত আছে ভোটাৰ্ছ পাৰ্টী ইণ্টাৰনেচনেলৰ ললিত পেগু, এছইউ‌চিআই(চি)ৰ জীতেন্দ্ৰ চলিহা, বিপিএফৰ দূৰ্গাদাস বড়ো, গণ সুৰক্ষা পাৰ্টীৰ স্বৰ্ণ দেৱী, ৰিপাব্লিকেন পাৰ্টী অৱ ইণ্ডিয়াৰ আব্দুল কাছেম, কংগ্ৰেছৰ মাধৱ ৰাজবংশী, ভাৰতীয় গণ পৰিষদৰ বিৰেণ বাছাক, নিৰ্দলীয় প্ৰাৰ্থী ডানিয়েল মাৰ্দী, ভাৰতীয় জৱান কিষান পাৰ্টীৰ অৰুণ বৰুৱা, বিজেপিৰ দিলীপ শইকীয়া আৰু ৰাষ্ট্ৰীয় উলেমা কাউঞ্চিলৰ আব্দুল হামিদ।

নিৰ্বাচন শেষ হোৱাৰ পাছতেই ইভিএমত বন্দী হৈ আছে এই এঘাৰগৰাকী প্ৰাৰ্থীৰ ভাগ্য। ইয়াৰ মাজতে সমষ্টিটোত এইবাৰ বিজেপিৰ দিলীপ শ‌ইকীয়া, কংগ্ৰেছৰ মাধৱ ৰাজবংশী আৰু বিপিএফৰ দূৰ্গা দাস বড়োৰ মাজত তিনিকোণীয়া যুঁজৰ সম্ভাৱনা আছে। নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত দেখা গৈছিল যে বিজেপিৰ প্ৰাৰ্থীগৰাকী প্ৰথম স্থানত থকাৰ বিপৰীতে কংগ্ৰেছ আৰু বিপিএফৰ প্ৰাৰ্থী গৰাকীয়ে দ্বিতীয় আৰু তৃতীয় স্থানত থকা বুলি ৰাইজৰ মাজত চলিছিল চৰ্চা। অৱশ্যে ফলাফল কি হব সেয়া অহা ৪ জুনতহে স্পষ্ট হৈ পৰিব।

ইফালে ভোটগণনা উপলক্ষে ওদালগুৰি জিলা উপায়ুক্ত কাৰ্যালয়ত থকা ষ্ট্ৰং ৰুমক কটকটীয়া নিৰাপত্তাৰ মাজত ৰখাৰ সমান্তৰালভাৱে প্ৰতিটো ৰাজনৈতিক দলৰ এজেণ্টসমূহে ইয়াক প্ৰতিমূহুৰ্তত নিৰীক্ষণ কৰি আছে। উল্লেখ্য যে মঙ্গলবাৰে পুৱা ৭ বজাৰ পৰা আৰম্ভ হবলগীয়া ভোটগণনাৰ বাবে ওদালগুৰি জিলা প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হোৱাৰ কথা প্ৰকাশ কৰে জিলা আয়ুক্ত জাভিৰ ৰাহুল সুৰেশে।

তেওঁঁ কয় , সকলো কাম কাজ ভাৰতীয় নিৰ্বাচনী আয়োগৰ নিৰ্দেশনা অনুসৰি অনুষ্ঠিত হ’ব। প্ৰত্যেকটো বিধানসভা সমষ্টিৰ বাবে ১৪ খনকৈ টেবুল থাকিব। সমগ্ৰ ভোটগণনা কাৰ্যৰ বাবে ওদালগুৰি জিলাৰ ৫০০তকৈ অধিক কৰ্মচাৰীক নিয়োগ কৰা হৈছে।

ইতিমধ্যে সকলো কাম-কাজ সাজু হৈ উঠিছে। লগতে নিৰাপত্তাৰ দিশটোও নিৰ্বাচনী আয়োগৰ নিৰ্দেশনা অনুসৰি তিনিতৰপীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে বুলি জিলা আয়ুক্তগৰাকীয়ে উল্লেখ কৰে।

Exit mobile version