Fire broke out on the Taj Express near Sarita-Bihar in Delhi:দিল্লীৰ ৰে’লপথত অঘটন

দক্ষিণ-পূব দিল্লীৰ সৰিতা-বিহাৰৰ তাজ এক্সপ্ৰেছত অগ্নিকাণ্ড, জুয়ে নিমিষতে ছানি ধৰে চাৰিটাকৈ ডবা,কথমপি প্ৰাণৰক্ষা ৰে'লযাত্ৰীৰ

fire in train

Fire broke out on the Taj Express near Sarita-Bihar in Delhi:

দক্ষিণ-পূব দিল্লীৰ সৰিতা বিহাৰৰ সমীপত সোমবাৰে বিয়লী তাজ এক্সপ্ৰেছ ৰে’ল খনত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড ৷ জুয়ে নিমিষতে ছানি ধৰে চাৰিটাকৈ ডবা ৷

অৱশ্যে অগ্নিকাণ্ডৰ লগে লগে যাত্ৰীসকল সুকলমে ডবা কেইটাৰ পৰা ওলাই আহিবলৈ সক্ষম হয় ৷ জুইৰ ৷ আনহাতে অগ্নিকাণ্ডৰ পিছতে ততাতৈয়াকৈ অগ্নিনিৰ্বাপকৰ বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ তৎপৰতাৰে জুই নিৰ্বাপন কৰে ৷ জুইৰ সূত্ৰপাত কেনেকৈ হ’ল জানিব পৰা হোৱা নাই ৷

উল্লেখ্য যে, দিল্লী অগ্নিনিৰ্বাপক বাহিনীৰ এজন বিষয়াই সদৰি কৰা মতে,বিয়লি ৪.২৪ বজাত তাজ এক্সপ্ৰেছ ৰে’লৰ তিনিটা ডবাত সংঘটিত হোৱা অগ্নিকাণ্ডৰ খবৰ লাভ কৰি তৎকালেই সেইস্থানত অগ্নিনিৰ্বাপক বাহিনীৰ আঠখন গাড়ী উপস্থিত হৈ অতি তৎপৰতাৰে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়

আনহাতে,দিল্লী আৰক্ষীৰ এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে, “অগ্নিকাণ্ডৰ খবৰ লাভ কৰি আৰক্ষীৰ এটা দল ততাতৈয়াকৈ এপ’ল’ হাস্পতালৰ সমীপত উপস্থিত হয় আৰু তাজ এক্সপ্ৰেছ ৰে’লৰ তিনিটা ডবাত জুই লাগি থকা দেখা পাই ৰে’লখন ৰখাই দিয়া হয়। এই অগ্নিকাণ্ডত ডি ৩ আৰু ডি ৪ ডবা দুটা ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে ডি ২ আংশিকভাৱে ক্ষতিগ্ৰস্ত হোৱা বুলিও তেওঁ কয়।

উল্লেখযোগ্য , অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাত উল্লিখিত ডবাৰ যাত্ৰীসকলে দ্ৰুতগতিত অন্য ডবালৈ গৈ ৰে’লৰ পৰা নামি অহাত হতাহত হোৱাৰ পৰা ৰক্ষা পৰে।

Exit mobile version