29 Faces will not be seen in Modi’s Cabinet This Time: মোদীৰ কেবিনেটত এইবাৰ প্ৰত্যক্ষ নহ’ব ২৯ চেহেৰা !

pm modi 1

29 Faces will not be seen in Modi’s Cabinet This Time:

লোকসভা নির্বাচন ২০২৪ত বিজেপি নেতৃত্বাধীন এনডিএয়ে তৃতীয়বাৰলৈ জনমত লাভ কৰিলে যদিও বিজেপিয়ে দাবী কৰাৰ ধৰণৰে সফলতা অর্জন নকৰিলে। ২০১৯ৰ নিৰ্বাচনত বিজেপিয়ে ৩০৩ আসন লাভ কৰি চমক দিছিল যদিও এইবাৰ দলটোরে ২৪০ আসনতে থমকি ৰ’ল।

বিজেপিৰ কে’বাজনো আগশাৰীৰ নেতাৰ এই নির্বাচনত পৰাজয় হ’ল। দলে ৬৩ সমষ্টি বিৰোধীৰ হাতত হেৰুৱালে। যোৱাবাৰৰ নৰেন্দ্র মোদীৰ চৰকাৰত মন্ত্ৰীত্ব লাভ কৰা দুই ডজনৰো অধিক নেতাই এইবাৰৰ মোদীৰ কেবিনেটত স্থান লাভ নকৰিব।

কিয়নো এইসকল মন্ত্রী হয়তো নির্বাচনত পৰাজিত হ’ল অথবা সদ্যসমাপ্ত নির্বাচনত প্রতিদ্বন্দ্বিতাৰ বাবে বিজেপিৰ টিকট লাভৰ পৰা বঞ্চিত হৈছিল। অৱশ্যে ২০১৪ৰ নির্বাচনত স্মৃতি ইৰাণীৰ পৰাজয়ৰ পাছতো মোদীৰ কেবিনেটত তেওঁক অন্তর্ভুক্ত কৰা হৈছিল।

সেয়েহে এইবাৰো পৰাজিত কোনো মন্ত্রীক মোদীয়ে পুনৰ কেবিনেটত স্থান দিব নে নিদিয়ে সেয়া নিশ্চিতভাবে ক’ব নোৱাৰি। ২০২৪ৰ সদ্যসমাপ্ত নিৰ্বাচনত মোদী চৰকাৰৰ ১৯ জন মন্ত্রী পৰাজিত হ’ল। নির্বাচনত পৰাজিত হোৱা প্রভাবশালী মন্ত্রীৰ অন্যতম এগৰাকী হৈছে স্মৃতি ইৰাণী। তদুপৰি অজয় কুমাৰ মিশ্রা, মহেন্দ্র নাথ পাণ্ডেয়, নিৰঞ্জন জ্যোতি, সঞ্জীৱ বালিয়ান, ভানুপ্রতাপ সিং বার্মা, কৌশল কিশোৰ মোহনলাল, অর্জুন মুন্ডা,
ৰাজকুমাৰ সিং, ৰাজীৱ চন্দ্র শেখৰ, কৈলাশ চৌধুৰী, এল মুৰুগন, ডাঃ সুভাষ সৰকাৰ, বি মুৰলীধৰণ, নিশিথ প্রমাণিক, বাউচাহেব দানৱে, ভাৰতী প্রবীণ পাৱাৰ, ভগৱন্ত খুবা আৰু কপিল মৰেশ্বৰ পাটিলৰো এই নির্বাচনত পৰাজয় হ’ল।

আনহাতে, মিনাক্ষী লেখি, বি কে সিং, দর্শনা জৰদোধ, ৰামদাস অঠাৱলে, অশ্বিনী কুমাৰ চৌবে, ৰামেশ্বৰ তেলী, জন বার্লাক বিজেপিয়ে এইবাৰ টিকট বঞ্চিত কৰিছিল।

কেন্দ্রত টিডিপি আৰু জেডিইউৰ সহযোগত পুনৰ এবাৰ মোদীৰ নেতৃত্বত এনডিএ চৰকাৰ গঠন হোৱাটো নিশ্চিত হোৱাৰ পিছত নতুন চৰকাৰে ৯জুনত ল’ব শপত ৷ কিন্ত নতুন কেবিনেটত দেখা নাযাব এই ২৯ প্ৰাক্তন মন্ত্ৰীক

Exit mobile version