Narendra Modi Elected as the Leader of the NDA Parliamentary Party:দিল্লীত এনডিএৰ গুৰুত্বপূৰ্ণ বৈঠকত এনডিএ সংসদীয় দলৰ নেতাৰূপে নিৰ্বাচিত নৰেন্দ্ৰ মোদী

পুৰণি সংসদ ভৱনৰ চেন্টেল হলত অনুষ্ঠিত বৈঠকত উপস্থিত থাকে নৱ-নিৰ্বাচিত সকলো সাংসদ, বৈঠক অনুষ্ঠিত হোৱাৰ পূৰ্বে নৰেন্দ্ৰ মোদীক স্বাগতম

modi main

Narendra Modi Elected as the Leader of the NDA Parliamentary Party:

নতুন দিল্লীৰ পুৰণি সংসদ ভৱনৰ চেন্টেল হলত আজি অনুষ্ঠিত এন ডিএ গুৰুত্বপূৰ্ণ বৈঠকত সৰ্বসন্মতিক্ৰমে এনডিএ সংসদীয় দলৰ নেতাৰূপে নিৰ্বাচিত কৰা হয় নৰেন্দ্ৰ মোদীক

নৰেন্দ্ৰ মোদীৰ নাম প্ৰস্তাৱ কৰে তদানীন্তন প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ তাৰ পিছতে এনডি এ সহযোগ দলৰ দুই শক্তিশালী নেতা টিডিপিৰ মুৰব্বী চন্দ্ৰবাবু নাইডু আৰু জেডিইউৰ মুৰব্বী তথা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ সহ সকলো দলৰ নেতাই সমৰ্থন আগবঢ়াই ৷

নীতিশ কুমাৰে তেওঁৰ ভাষণত কয় ,তেওঁ সদায় মোদীৰ পক্ষত অৱস্থান কৰি যাব ৷ ইণ্ডি এলায়েন্স কটাক্ষ কৰি নীতিশ কুমাৰে কয়’ এনডিএৰ কাৰো ইফাল-সিফাল নহ’ব ৷ আনহাতে শিৱসেনাৰ নেতা তথা মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্ধেই কয়,এই জোঁটবন্ধন ‘ফেবিকল কা জোড় হে ‘৷

আনহাতে,বিজেপিৰ সভাপতি জে পি নাড্ডাই কয়,১০ বছৰৰ পূৰ্বৰ ভাৰত এতিয়াৰ ভাৰতৰ মাজত বহু পাৰ্থক্য আছে ৷ পূৰ্বৰ তুলনাত বহু উন্নয়ন হৈছে ভাৰতৰ ৷

এনডিএ জনাকীৰ্ণ সভা খনত সৰ্বসন্মতিক্ৰমে এনডিএ নেতাৰূপে নিৰ্বাচিত হোৱাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ সুদীৰ্ঘ ভাষণত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰি কয় ,এন ডি এ ভাৰতৰ আত্মা ৷এন ডি এ প্ৰতিটো দলৰ মাজত বিশ্বাস আছে বাবে সকলো সম্ভৱ হৈছে ৷ মই ভাগ্যৱান,আপোনালোকে মোক নিৰ্বাচিত কৰিলে। আগন্তুক দিনত বিকশিত ভাৰত গঢ়াৰ ক্ষেত্ৰত নিস্বাৰ্থভাবে কাম কৰি যাম ৷

জনতাই এনডিএক চৰকাৰ গঠন কৰিবলৈ দিয়াৰ পাছতেই ২২ খন ৰাজ্যত সেৱা আগবঢ়োৱাৰ সুযোগ আমি পালোঁ ৷ ইভিএম জীয়াই আছেনে? ইভিএমক গালি পাৰি থকা সকলৰ মুখ ৪ জুনত বন্ধ হৈ গ’ল বুলি ভাষণ প্ৰসংগত মন্তব্য কৰে নৰেন্দ্ৰ মোদীয়ে ৷

মোদীৰ ভাষণৰ পাছতে এনডিএ সহযোগী দলৰ সাংসদ সকলে এজন এজনকৈ ফুলৰ থোপাৰে অভিনন্দন জনায় ৷

উল্লেখ্য যে,সভাখনত অসমৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা,তদানীন্তন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল,অগপৰ সভাপতি অতুল বৰা ,ইউপিপিএলৰ মুৰব্বী প্ৰমোদ বড়ো সহ উত্তৰ-পূৰ্বৰ বিজেপি শাসিত আৰু এনডিএ সহযোগী দলৰ মুখ্যমন্ত্ৰী সকল উপস্থিত থাকে।

Exit mobile version