Artificial Floods in North Guwahati:গুৱাহাটীৰ পিছত এইবাৰ কৃত্রিম বান উত্তৰ গুৱাহাটীত খোৱাপানীৰ অভাৱত ককবকাইছে উত্তৰ গুৱাহাটীবাসীয়ে

north ghy

Artificial Floods in North Guwahati:

এজাক মুষলধাৰ বৰষুণে দিলেই গুৱাহাটী মহানগৰ পৰে জলমগ্ন ৷ এইবাৰ কৃত্ৰিম বানৰ কবলত উত্তৰ গুৱাহাটী
কৃত্রিম বানত দিশহাৰা হৈ পৰিছে সমগ্ৰ উত্তৰ গুৱাহাটীবাসী। এতিয়ালৈ উত্তৰ গুৱাহাটীৰ বহু অঞ্চল কৃত্রিম বানৰ কৱলতে আছে। বহু আবাসিক অঞ্চল কৃত্রিম বানৰ কৱলত থকাত অস্বাস্থ্যকৰ পৰিৱেশ বিৰাজ কৰিছে। উত্তৰ গুৱাহাটী, শিলসাঁকো, কদ্ৰেশ্বৰ, মধুপুৰ, কটাহবজাৰ, ৰজাদুৱাৰকে ধৰি বহু অঞ্চল পানী ওলাই যোৱাৰ পথৰুদ্ধ অঞ্চলৰ পানীত ডুবি থকাৰ পাছতো খবৰ লোৱাৰ সদিচ্ছা নোহোৱাৰ অভিযোগ কৰিছে উত্তৰ গুৱাহাটী পৌৰসভাৰ বিৰুদ্ধে।

অভয়পুৰ, আৰিয়া আবাসিক অঞ্চলো দুমাহ ধৰি জলমগ্ন হৈ আছে। ইফালে, জিএনআৰচি ৰোড বিগত তিনিমাহেই পানীত ডুব গৈ আছে। তৎসত্ত্বেও কামৰূপ গ্ৰাম্য জিলা প্রশাসনে আজিলৈ পৰিদৰ্শন কৰা নাই বানপীড়িত অঞ্চল। আবদ্ধ দুষিত পানীৰ বাবে ৰোগাক্রান্ত হোৱাৰ অভিযোগ কৰিছে আৱাসীসকলে। কান্ধত, বোকোচাত তুলি সন্তানক বিদ্যালয়লৈ নিবলগীয়া অৱস্থাৰ পাছতো উত্তৰ গুৱাহাটী পৌৰসভাই ব্যৱস্থা গ্রহণ নকৰাৰ অভিযোগ কৰে ৰাইজে।

আমিনগাঁৱৰ কে’বাটাও কল’নী কৃত্রিম বানৰ কবলত থকাত অতি কষ্টৰে আৱাসীসকলে পানীৰ মাজত সহৱস্থান কৰি চৰ্ম ৰোগত ভুগিবলগীয়া হৈছে। তদুপৰি স্বাধীনতাৰ অমৃত কালৰ ক্ষণতো উত্তৰ গুৱাহাটীৰ বহু অঞ্চলত নির্মাণ হৈ নুঠিল নলা-নর্দমা।

ইপিনে, খোৱাপানীৰ বৃহৎ নাটনি আমিনগাঁৱৰ উত্তৰ গুৱাহাটীত। জাইকাৰ প্ৰকল্পৰ পানী মুকলিৰ নতুন নতুন তাৰিখ লৈ প্ৰৱঞ্চনা কৰি আহিছে ৰাইজক। খোৱাপানী ক্ৰয় কৰি ভাৰাক্ৰান্ত হৈ পৰিছে দুখীয়া পৰিয়াল।

উল্লেখ্য যে গুৱাহাটী উত্তৰ গুৱাহাটী নব নির্মিত দলং সংযোজিত পথে কৃত্রিম বানৰ সমস্যা অধিক ভয়াৱহ কৰি তুলিছে।

Exit mobile version