Seven Heads of Country at the swearing-in Ceremony of Narendra Modi: নৰেন্দ্ৰ মোডীৰ শপত গ্ৰহণত অংশগ্ৰহণৰ বাবে দিল্লীত উপস্থিত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেইখ হাছিনা

উপস্থিত থাকিব আন ছয় দেশৰ ৰাষ্ট্ৰ প্ৰধান, ৰাষ্ট্ৰপতিয়ে বিদেশী অতিথিৰ বাবে আয়োজন কৰিছে নৈশ ভোজ

rastapati bhawan

Seven Heads of Country at the swearing-in Ceremony of Narendra Modi:

দেশৰ প্ৰথম গৰাকী প্ৰধানমন্ত্ৰী প্ৰয়াত জৱাহৰলাল নেহৰুৰ পিছত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত ল’ব নৰেন্দ্ৰ মোডী

মোদীৰ তৃতীয় ইংগিছৰ সাক্ষী হ’বলৈ আহিব সাত প্ৰতিবেশী ৰাষ্ট্ৰপ্ৰধান ৷ ইতিমধ্যে মোদীৰ শপত গ্ৰহণত অংশগ্ৰহণৰ বাবে দিল্লীত উপস্থিত হৈছে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা

মোডীৰ এই শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিবলগীয়া ৰাষ্ট্ৰ প্ৰধানসকল হ’ল শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰনিল বিক্ৰমসিংঘে, মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ ৰুইজজি, নেপালৰ প্ৰধানমন্ত্ৰী পুষ্পকমল দাহাল প্ৰচণ্ড, ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগে, ছেছলছৰ উপ-ৰাষ্ট্ৰপতি আহমেদ আফিফ আৰু মৰিচাছৰ প্ৰধানমন্ত্ৰী  প্ৰবিন্দ জগনাথ ।

আনহাতে,দেওবাৰে সন্ধিয়া মোদী সহ তেওঁৰ মন্ত্ৰীসভাই শপত লোৱা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ পাছতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে বিদেশী ৰাষ্ট্ৰ প্ৰধান সকলৰ সন্মানাৰ্থে আয়োজন কৰিছে নৈশ ভোজৰো ।

উল্লেখ্য যে,মোদীয়ে তৃতীয় বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ সাক্ষী হিচাপে ছাৰ্ক দেশৰ ৰাষ্ট্ৰপ্ৰধান সকলক নিমন্ত্ৰণ কৰাৰ মুল উদ্দেশ্য হৈছে ‘চুবুৰীয়া নীতি’ আৰু ‘সাগৰ’ ভিজনৰ মিছনক পৰৱৰ্তী সময়ছোৱাত পূৰ্ণ ৰূপ দিয়া ৷

মনকৰিবলগীয়া যে সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এন ডিএ ৪০০ আসনৰ টাৰ্গেট কৰিছিল যদিও ফলাফলত লাভ কৰে ২৯৩ ৷ বিজেপিয়ে অকলেই লাভ কৰে ২৪০ ৷ মেজিক নম্বৰ ২৭২অতিক্ৰম কৰি এন চন্দ্ৰবাবু নাইডু আৰু জনতা দল ইউনাইটেডৰ মুৰব্বী নীতিশ কুমাৰৰ সমৰ্থনত তৃতীয়বাৰৰ বাবে এন ডি এ চৰকাৰ গঠন হয় ৷

অধীনত আমন্ত্ৰণ জনোৱা হৈছে। উল্লেখ্য যে, এইবাৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে ২৪০ খন আসন দখল কৰিবলৈ সক্ষম হৈছে। সেই অনুসৰি বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰা নাই যদিও এন ডি এয়ে একত্ৰিতভাৱে লাভ কৰিছে ২৯২ খন আসন। সেই অনুসৰিয়েই গঠন হ’ব এন ডি এৰ চৰকাৰ।
আনহাতে ইণ্ডি এলায়েন্সে লাভ কৰে ২৩২ ৷কংগ্ৰেছে লাভ কৰে মাত্ৰ ৯৯ আসন ৷

Exit mobile version