Vegetable Prices Have doubled in Four Days:চাৰিদিনতে দুগুণলৈ বাঢ়িল পাচলিৰ মূল্য !

ৰেমালৰ প্ৰভাৱ, ছিণ্ডিকেট বাহিনীৰ দৌৰাত্ম্য, পৰিবহণ বিভাগ-টহলদাৰী আৰক্ষীৰ ধন আদায়ৰ ফলত হোৰা-হোৰে বাঢ়িছে মূল্য , বজাৰৰ পৰা অদৃশ্য হ'ল জিকা-ভোল, ১২০ টকাৰ তলত নাপায় ভাত কেৰেলা-লেচেৰা পটল ৮০ টকা, ভেণ্ডি ৬০-৭০ টকা, গাজৰ ৮০ টকা, বিলাহী ৬০ টকা, তিয়হ ৬০ টকা

vegitable

Vegetable Prices Have doubled in Four Days:

এটকা-দুটকা নহয়, বিগত চাৰিটা দিনৰ ভিতৰত ৰাজ্যত পাচলিৰ মূল্য প্রতি কিলোগ্রামত পূৰ্বৰ তুলনাত একেকোবে বাঢ়িল ৩০ টকা পর্যন্ত।

হঠাতে গুৱাহাটীৰ পাইকাৰী আৰু খুচুৰা বজাৰৰ পৰা অন্তর্ধান হৈছে বতৰৰ পাচলি জিকা। একেদৰে বজাৰত প্ৰায় নোহোৱা হৈছে স্কোৱাছ। আন পাচলিসমূহ আছে যদিও প্রতিবিধৰে মূল্য অভাৱনীয় হাৰত মূল্য বৃদ্ধি পোৱাৰ সূত্রে এতিয়া পাচলি ক্ৰয় কৰাৰ শক্তি-সামর্থ্য নোহোৱা হৈছে সর্বসাধাৰণ জনতাৰ। নির্বচনৰ ফলাফল ঘোষণাৰ গাছতে পাচলিৰ মূল্য অভাৱনীয় হাৰত বৃদ্ধি পোৱাৰ বিষয়টোক লৈ চৰকাৰ-প্রশাসন সকলো পক্ষ পিছে নিদ্রামগ্ন।

উল্লেখ্য যে গুৱাহাটীৰ পাইকাৰী বজাৰত আজি প্রতি কিলোগ্রাম পটল মূল্য হৈছেগৈ ৫০ৰ পৰা ৬০ টকা পর্যন্ত। ফলত গুৱাহাটীৰ খুচুৰা বজাৰত পটলৰ মূল্য বৃদ্ধি পাইছে ৮০ টকালৈ। অথচ এসপ্তাহ পূর্বে গুৱাহাটীৰ খুচুৰা বজাৰত প্ৰতি কিলোগ্ৰামত ৪০ টকাকৈ উপলব্ধ হৈছিল পটল। একেই দাম ভেণ্ডিৰে। এসপ্তাহ পূর্বে প্রতি কিলোগ্রামত ৪০ টকাকৈ খুচুৰা ব্যৱসায়ীয়ে বিক্ৰী কৰা ভেণ্ডিৰ পাইকৰী মূল্য আজি বৃদ্ধি পাইছে ৪০ৰ পৰা ৫০ টকা পর্যন্ত।

যাৰ ফলত গুৱাহাটীত প্রতি কিলোগ্রাম ভেণ্ডিৰ খুচুৰা মূল্যত বাঢ়িছে ৭০ টকা পর্যন্ত। গুৱাহাটীৰ একাধিক বজাৰত আজিৰ দিনটোত সবাতোকৈ দামী পাচলি দুবিধ হ’ল ভাত কেৰেলা আৰু লেচেৰা। গুৱাহাটীত এই দুয়োবিধ পাচলিৰ খুচুৱা মূল্য বাঢ়িছে প্রতি কিলোগ্রামত এশৰ পৰা ১২০ টকা পর্যন্ত ইফালে তিয়হৰ খুচুৰা মূল্য চাৰিটা দিনৰ ব্যৱধানতে বৃদ্ধি পাইছে ৬০ টকালৈ। পর্বে গুৱাহাটীৰ প্ৰতি কিলোগ্রামত ৩০ টকা দৰত বিক্ৰী হৈছিল তিয়হ।

আজি গণেশগুৰি বজাৰত প্ৰতি কিলোগ্রাম বিলাহীৰ দাম বাঢ়িছে ৬০ টকা পর্যন্ত। একেদৰে ভোলৰ দামো হৈছেগৈ ১১০ টকা পর্যন্ত। ইফালে চুবুৰীয়া শ্বিলঙৰ পৰা গাজৰৰ পাইকাৰী দাম পূর্বে প্রতি কিলোগ্রামত ৩০ টকা আছিল যদিও সম্প্রতি এই দাম ৩০ টকা পর্যন্ত বৃদ্ধি পাই ৬০ টকা হৈছেগৈ। ফলত গুৱাহাটীত গাজৰৰ খুচুৰ মূল্য ৮০ টকা পর্যন্ত বৃদ্ধি হৈছে। নির্বাচনৰ পূর্বে বৃদ্ধি পোৱা আলু আৰু পিঁয়াজৰ দাম সম্পূর্ণৰূপে অপৰিৱৰ্তিত হৈ থকাৰ সময়তে এইবাৰ পাচলিৰ অভাৱনীয় মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সর্বসাধাৰণ ৰাইজক।

ব্যৱসায়ী মহলে সদৰী কৰা মতে, পাচলিৰ উৎপাদন হ্রাস পোৱাৰ ফলত বজাৰত পূৰ্বৰ দৰে উভৈনদী হাৰত উপলব্ধ হোৱা নাই কোনো এবিধ পাচলি। যাৰ ফলত গুৱাহাটীৰ ব্যৱসায়ীসকলে পচলি সংগ্ৰহ কৰা গড়চুকৰ পাইকাৰী বজাৰ, বেহাৰবাৰীৰ ব্ৰহ্মপুত্ৰ বজাৰ বা লখৰাৰ শৰাইঘাট বজাৰত বিগত প্রায় চাৰি দিন পূৰ্বৰে পৰা অভাৱনীয় হাৰত বৃদ্ধি পাইছে পাচলিৰ পাইকাৰী মূল্য।

হঠাতে কিয় পচলিৰ মূল্য এনেদৰে দুগুণ পর্যন্ত বৃদ্ধি হ’ল সেই বিষয়ে জানিব বিচৰাত গড়চুকৰ পাইকাৰী বজাৰৰ ব্যৱসাযী আব্দুল জলিলে আজি ‘দৈনিক অগ্রদূত’ক জনোৱা মতে মে’ৰ শেষভাগত ৰাজ্যত তাণ্ডৱ সৃষ্টি কৰা ধুমুহা বেমাৰ প্ৰভাৱত ৰাজ্যত পাচলিৰ উৎপাদন হ্রাস পাইছে যাৰ ফলত এতিয়া চাহিদা অনুপাতে পাচলি প্রায় নোহোৱা হোৱাত দাম ঊর্ধ্বমুখী হৈছে। তেওঁ এই কথাও কয় যে এনেয়েও উৎসৰ তুলনাত গুৱাহাটীত পাচলিৰ পাইকাৰী মূল্য তুলনামূলকভাৱে অতি বেছি।

ইয়াৰ কাৰণ ব্যাখ্যা কৰি ব্যৱসায়ীজনে কয় যে খাৰুপেটীয়া বা বৰপেটাৰ পৰা গুৱাহাটীলৈ ট্রাক বা আন কোনো সৰু গাড়ীৰে পাচলি কঢ়িওৱাৰ সময়ত পৰিবহণ বিভাগে আৰোপ কৰা বিভিন্ন বধা নিষেধৰ বাবে পৰিবহণ ব্যয় বৃদ্ধি পাইছে। অভাৰলোড সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়, অভাৰলোডিঙৰ নামত হকে-বিহকে জৰিমনা বিহা অথবা ভাবুকিৰে ধন আদায় কৰা আদিৰ দৰে কঠোৰ নীতি-নিয়মৰ ফলত এখন গাড়ীৰে অনুমোদিত হাৰতহে পাচলি কঢ়িওৱাৰ ফলত পৰিবহণ ব্যয় বহুগুণে বৃদ্ধি পাইছে।

ইয়াৰ উপৰি ৰাষ্ট্ৰীয় পথেৰে পাচলি সৰবৰাহৰ সময়ত বিভিন্ন স্থানত আৰক্ষীক ধন আদায় দিবলগীয়া হোৱাৰ ফলতো পৰিবহণ ব্যয় বৃদ্ধি পায়। এনেবোৰ কাৰণতে উৎসৰ তুলনাত গুৱাহাটীত পাচলিৰ দাম এনেয়েও চৰা আছিল যদিও এইবাৰ আকৌ উৎপাদন নোহোৱা হোৱাৰ বাবে বজাৰত জুই লাগিছে গড়চুকৰ পাইকাৰী ব্যৱসায়ী ৰহিম আলীয়ে জনোৱা মতে পূর্বে খাৰুপেটীয়া, বৰপেটা, সৰভোগ আদিত উৎপাদিত পাচলিয়ে গুৱাহাটীৰ বজাৰ ভৰি পৰিছিল যদিও এইকেইদিন গুৱাহাটীলৈ আমদানি হৈছে চুবুৰীয়া মেঘালয়ৰ বন্ধাকবি, ফুলকবি আৰু গাজৰৰ লগতে পশ্চিমবংগৰ পৰা নিয়মীয়াকৈ অনা হৈছে পটল, ভেন্ডি, ভাতকেৰেলা আদি পাচলি।

ইফালে নাচিকৰ পৰা আমদানিকৃত বিলাহীৰে চাহিদা পূৰণ কৰা হৈছে গুৱাহাটীকে ধৰি ৰাজ্যৰ অধিকাংশ অঞ্চলৰ। গতিকে পৰিবহণ ব্যয়ৰ সূত্রে এইকেইবিধ পাচলিৰ দাম স্বাভাবিক হাৰৰ তুলনাত বৃদ্ধি পাইছে। ব্যৱসায়ীজনেও দাম বৃদ্ধিৰ কাৰণ সন্দৰ্ভত কয় যে ৰেমালৰ প্ৰভাৱত ৰাজ্যৰ বিভিন্ন স্থানত হোৱা নেৰানেপেৰ বৰষুণে সৃষ্টি কৰা বান পৰিস্থিতি তথা ধুমুহাৰ ফলত পাচলিৰ খেতি প্রায় বিনষ্ট হৈছে। পানী উঠাৰ বাবে জিকা, ভেণ্ডিৰ উৎপাদন প্রায় নোহোৱা হৈছে।

সেই সূত্রে চুবুৰীয়া ৰাজৰ প্ৰয়োজনীয় পাচলি আমদানি কৰাৰ ফলত ঊর্ধ্বমুখী হৈছে পাচলিৰ মূল্য। ব্যৱসায়ীজনে এই বুলি যুক্তি দর্শায় যে পৰিবহণ বিভাগে আৰোপ কৰা কঠোৰ বাধা নিষেধৰ বাবে পাচলি কঢ়িওৱা বাহনত নিৰ্ধাৰিত হাৰতকৈ এক কিলোগ্রামো অধিক পাচলি কঢ়িয়াৱ নোৱৰা পৰিস্থিতিৰ সৃষ্টি হৈছে। ইপিনে, ইন্ধনৰ দাম বৃদ্ধিৰ বাবেও বৃদ্ধি পাইছে পৰিবহণ ব্যয়। এনে সকলো কাৰক মিলাই ৰাজ্যত পাচলিৰ দাম ঊর্ধ্বমুখী হৈছে। লক্ষ্যণীয় যে এইবাৰ কেবল গুৱাহাটীতে নহয়, ৰাজ্যৰ গ্রামাঞ্চলতো বৃদ্ধি পাইছে পাচলিৰ মূল্য।

নিৰ্বাচনৰ সময়ৰে পৰা ৰাজ্যত অভাৱনীয় হাৰত বৃদ্ধি পোৱা খাদ্য সামগ্রীকে ধৰি নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যসূচীয়ে ৰাইজক জুৰুলা কৰাৰ সময়তে এইবাৰ প্ৰাকৃতিক তথা প্রশাসন যন্ত্ৰৰ বাধা নিষেধৰ পৰিণতিত পাচলিৰ মূল্য দুগুণ পর্যন্ত বৃদ্ধি পোৱাত হাৰাশাস্তিৰ সম্মুখীন হৈছে সর্বসাধাৰণ গ্রাহক ৰাইজ।

লক্ষ্যণীয় যে বজাৰত জুই লগাৰ পাছতো এই বিষয়টোক লৈ গা লৰা নাই যোগান বিভাগকে ধৰি ৰাজ্য চৰকাৰৰ। নাচিকৰ বিলাহী-পিঁয়াজ, আগ্রা-বেংগলৰ আলুৰ পাছত এইবাৰ চুবুৰীয়া পশ্চিমবংগ আৰু মেঘালয়ৰ পৰা শাক-পাচলিও আমদানি কৰিব লগা হোৱাত পৰনিৰ্ভৰশীল ৰাজ্যবাসীৰ চাহিদাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি ৰাজকোষ টনকিয়াল কৰত ব্যস্ত হৈছে ৰাজ্যৰ পৰিবহণ বিভাগটো।

অভিযোগ মতে, মাজনিশাৰে পৰা নামনি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা গুৱাহাটীলৈ কঢ়িয়াই অনা পাচলি ভর্তি বাহনসমূহৰ পৰা বৈধ আৰু অবৈধভাৱে বৃহৎ পৰিমাণৰ জৰিমনাৰ নামত ধন আদায় কৰিবলৈ জালুকবাৰীৰ পৰা বৰাগাঁওলৈকে এই পথছোৱাত পৰিবহণ বিভাগৰ এটা বৃহৎ দলে খাপ পিটে। প্ৰতিখন গাড়ীৰ পৰাই বিভিন্ন উপায়েৰে এনেদবে ধন আদায় কৰা হয়।

ইফালে গুৱাহাটীলৈ অহা পথত ঠায়ে ঠায়ে বিভিন্ন থানাসমূহৰ টহলদাৰী আৰক্ষীকো সন্তুষ্ট কৰি আহিবলগীয়া হয় পাচলি ভর্তি বাহনে। এনেবোৰ কাৰণত পাচলিৰ মূল্য সম্পূর্ণ দুগুণ হাৰত বৃদ্ধি পাইছে বিগত চাৰিটা দিনত।

Exit mobile version